Local, Vocal, Global

Tragic UP accident : মৰ্মান্তিক দুৰ্ঘটনা, মৃতকৰ সংখ্যা ২৪জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি । ২৪ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা ।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ কাচগঞ্জত শনিবাৰে সংঘটিত হৈছিল এক শোকাৱহ ঘটনা । মাঘী পূৰ্ণিমা উপলক্ষে গংগাত পবিত্ৰ স্নান কৰিবলৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰী ভৰ্তি ট্ৰেক্টৰ ট্ৰলী । নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰী ভৰ্তি ট্ৰেক্টৰ ট্ৰলী বাগৰি পৰে পুখুৰীত। ফলত এই পৰ্যৱন্ত ২৪ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে(24 including 8 children killed during fatal road accident in UP’s Kasganj) ।

জানিব পৰা মতে, এই দুৰ্ঘটনাত ১৩ গৰাকী মহিলা, ৮ টা শিশু আৰু এজন পুৰুষসহ ২৪ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে । ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ট্ৰলীখনত ৩৫ ৰ পৰা ৪০ গৰাকী লোক আছিল ।প্ৰত্যক্ষদৰ্শীৰ মতে এখন বাহনৰ সৈতে সংঘৰ্ষ হোৱাৰ পূৰ্বে ট্ৰেক্টৰ ট্ৰলীখন অনিয়ন্ত্ৰিতভাৱে পুখুৰীত বাগৰি পৰে ।

লগতে পঢ়ক : Tragic UP accident : তীৰ্থযাত্ৰী বাহন সোমাল দ খালত, শিশুসহ মৃত্যু ১৫ জনকৈ লোকৰ