Watch | 23 Individuals Sentenced to Life Imprisonment for 2012 Atrocity in Charaideo : সোণাৰিত একেলগে ২৩টা নৰপিশাছক যাৱজ্জীৱন কাৰাদণ্ড
সোণাৰি: এটা ঐতিহাসিক ৰায়ৰ সাক্ষী হৈ ৰ’ল চৰাইদেউ জিলা ন্যায়িক আদালত চৌহদ। ২০১২ চনত সংঘটিত এক অমানুষিক ঘটনাৰ যেন ওৰ পৰিল আজি। একাংশ নৰপিপাসু লোকৰ অত্যাচাৰত প্ৰাণ ত্যাগ কৰা এগৰাকী মহিলাৰ পৰিয়ালক দিয়া হ’ল উচিত ন্যায়। ঘটনাৰ তথ্য অনুসৰি ২০১২ চনৰ ৯ ফেব্ৰুৱাৰীত চৰাইদেউ জিলাৰ জলহা গাঁৱৰ একাংশ উন্মত্ত লোকৰ অত্যাচাৰত প্ৰাণ হেৰুৱাইছিল ফুলেশ্বৰী হালোৱা নামৰ মহিলাগৰাকীয়ে।
অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ গাঁৱৰ একাংশ লোকে ওৰে নিশা বিভিন্ন ধৰণৰ অত্যাচাৰ চলাই এজোপা ঔটেঙা গছত বান্ধি কাঁইটেৰে মাৰপিট কৰাৰ পৰৱৰ্তী সময়ত জীৱিত অৱস্থাতে জ্বলাই দিয়া হৈছিল মহিলা গৰাকীক। এই সন্দৰ্ভত মহিলা গৰাকীৰ পুত্ৰই সোণাৰি আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত প্ৰায় ৩৫ গৰাকী লোকক আটক কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত বিষয়টো ন্যায়ালয়ৰ মজিয়া পাইছিল।
এই ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ১৩ বছৰ ধৰি ন্যায়ালয়ৰ মজিয়াত চলি থকাৰ পাছত আজি অন্তিমটো শুনানিৰ পাছতে ন্যায়ালয়ৰ ৰায় প্ৰদান কৰে। ন্যায়ালয়ৰ ৰায় অনুসৰি এই ঘটনাৰ লগত জড়িত বুলি প্ৰমাণিত ২৩ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড লগতে ৫ হাজাৰকৈ টকা জৰিমনা বিহা হৈছে। আনহাতে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ হিচাপে ৮ লাখ টকা প্ৰদানৰ ৰায় দান কৰিছে ন্যায়ালয়ে।