Local, Vocal, Global

Tanzania Mine Landslide : ভয়ংকৰ ভূমিস্খলনৰ ঘটনা; মৃত্যু ২২জনৰো অধিক লোক

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৫জানুৱাৰী : ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । মৃত্যু ২২জনৰো অধিক লোক । তাঞ্জানিয়াৰ চিমিয়ু অঞ্চলৰ বাৰিয়াদি জিলাৰ এটা খনিত সংঘটিত হৈছে বিধ্বংসী ভূমিস্খলনৰ ঘটনা(Tanzania Mine Landslide) ৷

প্ৰাপ্ত তথ্য অনুসৰি ১৩ জানুৱাৰীত প্ৰায় ১১ বজাত সংঘটিত হয় এই ভয়ংকৰ অঘটনটো ৷ এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে খনিটোত দুদিন ধৰি অবিৰামে উদ্ধাৰ কাৰ্য অব্য়াহত ৰাখিছিল ৷ চিমিয়ু আঞ্চলিক অগ্নি আৰু উদ্ধাৰ কাৰ্যকৰী কমাণ্ডাৰ ফাউষ্টিন মটিটুৱে কোৱা অনুসৰি SF দুৰ্ঘটনাটো সংঘটিত হোৱৰ পিচত লোককেইজনৰ মৃতদেহ খনিৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা হয়(22 people Die After Landslide at Mine in Simiyu’s Bariadi) ৷

ইফালে বিভিন্ন চৰকাৰী বাহিনী আৰু প্ৰতিষ্ঠানৰ নাগৰিক, সৈনিক আৰু বিশেষজ্ঞক লৈ গঠিত এটা দলে ভূমিস্খলনত সমাধিস্থ হোৱা সকলো লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি এই ঘটনাত মৃত্যু হোৱা সকলো লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি কৰ্তব্যৰত উদ্ধাৰকাৰী দলে জানিবলৈ দিয়ে( 22 people die after landslide at mine in Simiyu’s Bariadi) ৷

এক্সৰ এটা পোষ্টৰ জড়িয়তে তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি চামিয়া চুলুহু হাছানে কয়, “চিমিয়ু অঞ্চলৰ বাৰিয়াদি জিলাৰ এনগ’আলাইট খনিত ভূমিস্খলনৰ ফলত ২১ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰত মই অতি মৰ্মাহত হৈছো ৷”ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে, “তাঞ্জানিয়াৰ এই কৰ্মীসকল অঞ্চলটোৰ ক্ষুদ্ৰ খনিকৰ্মী আছিল ৷ তেওঁলোকে নিজৰ বাবে, পৰিয়ালৰ বাবে জীৱিকা অৰ্জন কৰিবলৈ কাম কৰিবলৈ আহিছিল ৷

এইসকল লোকে আমাৰ দেশৰ বিকাশত অৰিহনা যোগাইছিল ৷ ইতিমধ্যে আমাৰ প্ৰতিৰক্ষা আৰু নিৰাপত্তা সংস্থাসমূহে আঞ্চলিক নেতাসকলৰ সহযোগত এতিয়াও ধ্বংসস্তূপত আৱদ্ধ হৈ থকা মৃতদেহসমূহ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷”

এই ঘটনা সন্দৰ্ভত বক্তব্য ৰাখি গ’ল্ড মাইনৰ অধ্যক্ষ মাচুম্বুকো জুমাননে কয় যে, দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱাসকলে খনিত কাৰ্য স্থগিত ৰখাৰ বাবে অবৈধভাৱে খনিত প্ৰৱেশ কৰিছিল(22 people die after landslide at mine in Simiyu’s Bariadi) ৷

লগতে পঢ়ক : 14 year old Goes Missing From Beltola : উৰুকাৰ দিনাই গুৱাহাটীৰ পৰা নিৰুদ্দেশ এগৰাকী সপ্তম শ্রেণীৰ ছাত্ৰী