Maharashtra landslide: মহাৰাষ্ট্ৰত ভয়ংকৰ ভূমিস্খলন, মৃতকৰ সংখ্যা ২২জনলৈ বৃদ্ধি

নেশ্যনেল ডেস্ক, ২২জুলাই : মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ খালাপুৰ তহচিলৰ ইৰ্শালৱাড়ী গাঁৱত বৃহস্পতিবাৰে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল(Maharashtra landslide)। শুকুৰবাৰৰ পৰা ৰাইগাডৰ ইৰশালৱাড়ী গাঁৱত পুনৰ অনুসন্ধান অভিযান আৰম্ভ হয় । ভূমিস্খলনৰ ফলত এতিয়ালৈ ২২জন লৈ বৃদ্ধি পাইছে মৃত্যু সংখ্যা (22 killed & several people injured in the landslide)। আনহাতে এতিয়াও বহুলোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে । ৪০ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত গৈছে ।
ৰায়গড়ৰ আৰক্ষী অধীক্ষক সোমন্ত ঘৰে জনোৱা মতে, শুকুৰবাৰে পুৱা ৬.৩০ বজাৰ পৰা তালাচী অভিযান আৰম্ভ হয় । এনডিআৰএফৰ এজন বিষয়াই কয় যে আমি অনুসন্ধান অভিযানত কৰ্মীসকলক সহায় কৰিবলৈ কুকুৰৰ দল এটা ৰছীৰে বান্ধিছো ।
বিষয়াসকলে জনোৱা অনুসৰি মৃত লোকসকলৰ ভিতৰত এবছৰৰ পৰা চাৰিবছৰৰ ভিতৰৰ চাৰিটা শিশু আৰু এজন ৭০ বছৰীয়া ব্যক্তি আছে বুলি উল্লেখ কৰে । লগতে তেওঁ কয় যে ৭জন লোক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । গধুৰ সামগ্ৰী সহজে স্থানান্তৰ কৰিব নোৱাৰা অঞ্চলটোৰ কঠিন পাহাৰীয়া ভূখণ্ডৰ বাবে স্থানত থকা অনুসন্ধান আৰু উদ্ধাৰ কৰ্মীসকলে বাধাৰ সন্মুখীন হৈছিল। পাহাৰৰ শিখৰত অবিৰত বৰষুণ, কুঁৱলী আৰু ধুমুহা বতাহ বাবে উদ্ধাৰ অভিযানত অসুবিধাৰ সন্মুখীন হৈছে । নেৰানেপেৰা বৰষুণৰ ফলত মহাৰাষ্ট্ৰত সংঘটিত হৈছে প্ৰাকৃতিক দুৰ্যোগ। ৰাজ্যখনৰ ৰায়গড় জিলাৰ জনজাতিয় গাঁও এখনত বৃহস্পতিবাৰে সংঘটিত হোৱা ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৪৮ টা পৰিয়াল।তথ্য অনুসৰি এই শোকাৱহ দুৰ্যোগৰ ফলত শিশুসহ ২২ গৰাকী লোক নিহত হোৱাৰ লগতে প্ৰায় ১২০ গৰাকী লোক দুৰ্ঘটনাস্থলীতে আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।
ইতিমধ্যে ৰাজ্য চৰকাৰৰ বিশেষ তৎপৰতাত চলি আছে উদ্ধাৰ অভিযান। এন ডি আৰ এফ,এছ ডি আৰ এফ আৰু টি ডি আৰ এফে চলাই আছে উদ্ধাৰ অভিযান। আহত অৱস্থাত উদ্ধাৰ কৰা ভালেসংখ্যক লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাৰ কিছুসময় পিচতে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী গিৰিশ মহাজন, স্থানীয় বিধায়ক মহেশ বালাদী,প্ৰশান্ত ঠাকুৰ,বিভাগীয় বিষয়-ববীয়া আদিয়ে।এনডিআৰএফ আৰু প্ৰশাসনৰ উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে ।
জানিব পৰা মতে শিৱসেনাৰ (ইউবিটি) মুৰব্বী উদ্ধৱ ঠাকৰেয়ে ভূমিস্খলন ফলত অঞ্চলটোৰ সমীপত থকা মন্দিৰত আশ্ৰয় লোৱা ভুক্তভোগী লোকসকলক সাক্ষাৎ কৰে । ভূমিস্খলনৰ পাছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে ভূমিস্খলনৰ অঞ্চলটো পৰিদৰ্শন কৰে আৰু উদ্ধাৰ আৰু সাহায্য ব্যৱস্থাৰ বুজ লয় । আনহাতে ৰাজ্য চৰকাৰে মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে ।
ঘটনাটোৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেও মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ সৈতে কথা পাতি পৰিস্থিতিৰ বুজ লয় । আনহাতে প্ৰতিকূল বতৰৰ বাবে এনডিআৰএফৰ দলবোৰে উদ্ধাৰ অভিযান চলোৱাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হয় । এনডিআৰএফৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে তেওঁলোকে উদ্ধাৰৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । প্ৰতিকূল বতৰৰ বাবে সেই অঞ্চললৈ আধুনিক যন্ত্ৰপাতি স্থানান্তৰ কৰিব পৰা নাই ।
জানিব পৰা মতে জনজাতীয় গাঁওখনত প্ৰায় ৫০-৬০ টা পৰিয়াল আছিল । ভূমিস্খলনৰ ফলত প্ৰায়বোৰ লোকৰ ঘৰে মাটি পোত গৈছে । ফলস্বৰূপে মাটিৰ তলত আৰু মৃতদেহ উদ্ধাৰৰো আশংকা কৰা হৈছে । অৱশ্যে যোৱা ৩ দিন ধৰি এনডিআৰএফ, স্থানীয় লোক, জিলা প্ৰশাসন আৰু স্বেচ্ছাসেৱী সংস্থাসমূহে নিৰন্তৰভাৱে উদ্ধাৰ আৰু সাহায্যৰ কামত জড়িত হৈ আছে ।
লগতে পঢ়ক : Maharashtra landslide : দ্বিতীয় দিনাৰ পৰা পুনৰ উদ্ধাৰ অভিযান অব্য়াহত , বৰ্তমান আৱদ্ধ ১১৯ জন লোক