Local, Vocal, Global

২১ জন সন্দেহযুক্ত বাংলাদেশী নাগৰিক আটক

নিউজ ডেস্ক, ২২ জুন : বুধবাৰে সীমান্ত সুৰক্ষা বাহিনীয়ে (BSF) অসমৰ কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ পৰা মুঠ ২১ জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক আটক কৰে।

খবৰ অনুসৰি, গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত ৰহিংগীয়া নাগৰিকও আছে । দলটোত তিনিটা শিশুৰ সৈতে নজন পুৰুষ আৰু নগৰাকী মহিলা আছে,

উল্লেখযোগ্য যে, তেওঁলোক দুদিন আগতে গুৱাহাটীৰ পৰা বদৰপুৰত উপস্থিত হৈছিল।

আনহাতে, BSFএ আটক কৰা বাংলাদেশী নাগৰিকসকলক আইনী প্ৰক্ৰিয়াৰ বাবে বদৰপুৰ আৰক্ষীক গতাই দিয়ে।

সম্প্ৰতি সংযোগ উদ্ঘাটনৰ বাবে BSF আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।