Local, Vocal, Global

2024 US Presidential Elections : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মাইক পেন্সৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ অক্টোবৰ : ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা নিজৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মাইক পেন্সৰ । শনিবাৰে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে এই কথা ঘোষণা কৰে (2024 US Presidential Elections)।

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, এয়া তেওঁৰ বাবে উপযুক্ত সময় নহয় ।লগতে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ৰিপাব্লিকান পাৰ্টীৰ ওপৰত বিস্তাৰ কৰি অহা আধিপত্য সন্দৰ্ভতো আলোকপাত কৰে ।

প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি গৰাকীয়ে এয়া তেওঁৰ সময় নহয় বুলি কয় । লগতে কয়, “বহু প্ৰাৰ্থনা আৰু বিবেচনাৰ অন্তত মই ৰাষ্ট্ৰপতি পদৰ প্ৰচাৰ স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে’’(Mike Pence announces his withdrawal from presidential race, says ‘Not my time’ ) ।

উল্লেখ্য যে, চাৰি বছৰ ধৰি আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ট্ৰাম্পৰ প্ৰতি প্ৰশ্নবিহীন আনুগত্যৰ বাবে থিয় দিছিল ৷ আনকি হোৱাইট হাউছে অভিযোগনামা, নৈতিকতা কেলেংকাৰী আৰু জ্যেষ্ঠ কৰ্মচাৰীৰ মাজত হোৱা সংঘাতৰ সময়তো আচৰিত ধৰণে সংগ্ৰাম চলাইছিল ৷

অৱশ্যে ২০২০ বৰ্ষত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পিছত পৰিস্থিতিৰ পৰিৱৰ্তন ঘটিছিল ৷ উল্লেখ কৰা প্ৰয়োজন যে, ট্ৰাম্প সমৰ্থকসকলে ২০২১ চনৰ ৬ জানুৱাৰীত “হেং মাইক পেন্স” বুলি শ্ল’গান দিছিল ৷ ট্ৰাম্প ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছত ধাৰাবাহিকভাৱে অপৰাধমূলক গোচৰত নাম সাঙোৰ খোৱাৰ পিচত পেন্সৰ নতুন কেৰিয়াৰ গঢ়ি তোলাৰ আশা নিৰ্ধাৰিত হৈ পৰিল । স্বীকৃতি আৰু ৱাশ্বিংটনত বছৰ বছৰ ধৰি অভিজ্ঞতা থকাৰ পিছতো অৱশ্যে আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মাইক পেন্সৰ নিৰ্বাচন অভিযান নিস্তেজ যেন পৰিলক্ষিত হৈছিল(Former US Vice President Mike Pence announces withdrawal from presidential race) ।

নিৰ্বাচনত সমৰ্থকৰ অভাৱৰ বাবেই ৮ নৱেম্বৰত মিয়ামীত অনুষ্ঠিত হ’বলগীয়া প্ৰাথমিক প্ৰাৰ্থীৰ বিতৰ্কত যোগদানৰ বাবে পাবলগীয়া আমন্ত্ৰণৰ পৰা বঞ্চিত হৈছিল আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকী ।পেন্সে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পিচত ট্ৰাম্পৰ মূল প্ৰতিদ্বন্দ্বী ফ্ল’ৰিডাৰ সোঁপন্থী গৱৰ্ণৰ ৰন ডিছান্টিছৰ বাবে জয়ৰ সম্ভাৱনা কিছু স্পষ্ট কৰি তুলিছে ।

লগতে পঢ়ক:PM Modi To Address 106th Episode Of Mann Ki Baat Today : আজি মন কী বাত অনুষ্ঠানৰ ১০৬ সংখ্যক খণ্ড সম্প্ৰচাৰিত হ’ব