20 who had converted to Christianity return to Hinduism : পুনৰ নিজ ধৰ্ম লৈ আহিছে জাগীৰোডৰ কেইবাটাও পৰিয়াল
নিউজ ডেস্ক,২৬আগষ্ট : পুনৰ নিজ ধৰ্ম লৈ আহিছে জাগীৰোডৰ কেইবাটাও পৰিয়াল । নিজ ধৰ্মৰ গুৰুত্ব অনুধাৱন কৰাৰ লগতে সাতামপুৰুষীয়া কৃষ্টি-সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত পুনৰ স্বধৰ্মলৈ ঘূৰি আহিছে পৰিয়ালকেইটা ৷
উল্লেখ্য যে, ধৰ্মান্তৰিত এই লোকসকলক স্বধৰ্মলৈ ঘূৰি অহাত সহায় কৰি আহিছে সদৌ হিন্দু ধৰ্ম-সংস্কৃতি সুৰক্ষা সমিতিয়ে ৷ সদৌ হিন্দু ধৰ্ম-সংস্কৃতি সুৰক্ষা সমিতিৰ উদ্যোগত জাগীৰোডৰ আমচৈত আয়োজন কৰা এক উদ্ধাৰ পৰ্বত অঞ্চলটোৰ ২০টাৰো অধিক পৰিয়ালৰ প্ৰায় ১০০ গৰাকী সদস্যই খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি পুনৰ ঘূৰি আহে হিন্দু ধৰ্মলৈ(20 who had converted to Christianity return to Hinduism)৷
মাংগলিক পূজা-অৰ্চনা আৰু ধৰ্মীয় ৰীতি-নীতিৰে স্বধৰ্মলৈ ঘূৰি আহে কেইবাবছৰ পূৰ্বে প্ৰলোভনত পৰি ধৰ্মান্তৰিত হোৱা পৰিয়াল কেইটাৰ সদস্যসকলে ৷ তিৱা পৰম্পৰাগত পূজাৰ শেষত একোখনকৈ তিৱা গামোচাৰে স্বধৰ্মলৈ আদৰণি জনায় ধৰ্মান্তৰিত সকলক৷ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা, চহৰী ৰাজ্যৰ তিৱা ৰজা সুৰেণ দেওৰজা, তিৱা স্বায়ত্ত পৰিষদৰ চৰকাৰী মনোনীত সদস্য খগেন চন্দ্ৰ দাস, সদৌ হিন্দু ধৰ্ম-সংস্কৃতি সুৰক্ষা সমিতিৰ সভাপতি নাৰায়ণ কুমাৰ ৰাডু কাকতি, সাধাৰণ সম্পাদক বিপন আমচঙৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত স্বধৰ্মলৈ আদৰণি জনোৱা হয় পৰিয়ালকেইটাক৷
ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১৫ হাজাৰ খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত লোকক স্বধৰ্মলৈ ঘূৰাই অনাৰ লগতে হিন্দু ধৰ্ম সুৰক্ষাৰ স্বাৰ্থত আগন্তুক দিনতো এনে উদ্ধাৰ পৰ্ব অব্যাহত থাকিব বুলি জনায় সংগঠনটোৰ নেতৃত্বই ৷
লগতে পঢ়ক : Sensational Incident : চোকা অস্ত্ৰৰে ভায়েকে হত্যা কৰিলে ককায়েকক