Fireworks Factory Explosion : আতচবাজী কাৰখানাত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা; নিহত ২০জনকৈ লোক

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ জানুৱাৰী : ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । এটা আতচবাজী কাৰখানাত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা ৷ ভয়ংকৰ বিস্ফোৰণৰ ফলত নিহত ২০ জনকৈ লোক(Fireworks Factory Explosion) ৷
থাইলেণ্ডত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনাটো ৷ বুধবাৰে সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।
বেংকক পোষ্টৰ বাতৰি অনুসৰি, বুধবাৰে থাইলেণ্ডৰ মুয়াং জিলাৰ তাম্বন চালাখাওৰ মৌ ৩ গাঁৱত বিয়লি প্ৰায় ৩:৩০ বজাত (স্থানীয় সময়অনুসৰি) বিস্ফোৰণটো সংঘটিত হয় ৷বিস্ফোৰণটো ইমানে ভয়ংকৰ আছিল যে বিস্ফোৰণটোৰ ফলত ২২ জনকৈ লোক নিহত হোৱাৰ লগে সন্ধানহীন হয় প্ৰায় ১০ জনকৈ লোক(20 dead in Thailand Fireworks Factory Explosion) ৷
জানিব পৰা মতে, নিহতসকলৰ ভিতৰত ২০ জনক চিনাক্ত কৰিব পৰা হোৱা নাই ।
স্থানীয় ৰাইজে জনোৱা অনুসৰি , বুধবাৰে পুৱা প্ৰায় ২০ জন শ্ৰমিক কাৰখানাত কাম কৰি আছিল ৷ বিস্ফোৰণটো সংঘটিত হোৱাৰ সময়ত শ্ৰমিকসকলক ওলাই অহা দেখা নাছিলো ৷
বেংকক পোষ্টৰ বাতৰি অনুসৰি, কাৰখানাটো এটা ফাৰ্ম হাউচৰ পৰা চলি আছিল ৷ য’ত আতচবাজীৰ বাবে বাৰুদ আৰু অন্যান্য কেঁচা সামগ্ৰী সংৰক্ষণ কৰা হৈছিল । কি কাৰণে বিস্ফোৰণ হ’ল কাৰখানাটোত সেই বিষয়ে তদন্ত আৰম্ভ কৰিছে কাৰখানাটোৰ কৰ্তৃপক্ষই ।
এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনাৰ পিছতে দুখ প্ৰকাশ কৰিছে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী শ্ৰীথা থাভিছিনে ৷ দেশখনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কয়, প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটো আইনীভাৱে চলি আছে নে নাই আৰু অৱহেলাৰ ফলত বিস্ফোৰণ সংঘটিত হৈছে নেকি সকলো তদন্তৰ বাবে নিৰ্দেশ দিয়া হৈছে ।
স্থানীয় আৰক্ষীৰ মতে, মৃত ২০ জন লোকৰ ভিতৰত ১২ গৰাকী মহিলা আৰু ৮ জন পুৰুষ ।