2 Women Arrested With Vials of Drugs : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা
নিউজ ডেস্ক, ২নৱেম্বৰ : এইবাৰ ড্ৰাগছ সৰবৰাহত নামিছে মহিলা । একাংশ মহিলাই যেন নামি পৰিছে অপৰাধৰ জগতত(2 Women Arrested With Vials of Drugs ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে (Assam police raid against drugs)। ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে আৰক্ষীয়ে । অৱশ্যে ইয়াৰ মাজতে ড্ৰাগছ ব্যৱসায়ীয়ে কৌশল সলনি কৰিছে । কিন্তু কৌশল সলালেও আৰক্ষীৰ হাতৰ পৰা সাৰি যোৱা নাই ড্ৰাগছ সৰবৰাহকাৰী(2 Women Arrested With Vials of Drugs & Fake Notes) ।
এইবাৰ মহানগৰীত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা । একাংশ মহিলাই এতিয়াই বিভিন্ন প্ৰান্তত ড্ৰাগছ বিক্ৰী কৰি ধ্বংসৰ গৰাহলৈ ঠেলি দিছে যুৱ প্ৰজন্মক ।
আৰক্ষীয়ে যিমান সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি আছে ড্ৰাগছৰ সৰবৰাহ । কিন্তু তাৰ মাজতে আৰক্ষীয়ে অব্য়াহত ৰাখিছে অভিযান ।
বুধবাৰে মহানগৰত ক্ৰাইম ব্ৰাঞ্চৰ অভিযান । ড্ৰাগছৰ বিৰুদ্ধে গুৱাহাটীৰ ৰেহাবাৰীত চলাইছিল অভিযান । অভিযানত গুৱাহাটীৰ ৰেহাবাৰীৰ পৰা দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, পল্টন বজাৰ থানাৰ অধীনস্থ ৰেহাবাৰীত ক্ৰাইম ব্ৰাঞ্চে চলাইছিল অভিযান।এই অভিযানত চলাই ষ্টেট বেংক অৱ ইণ্ডিয়া (এছ বি আই)ৰ এ টি এমৰ সমীপত ড্ৰাগছ বিক্ৰী কৰিবলৈ যোৱাৰ সময়তে ড্ৰাগছৰ সৰবৰাহৰ সৈতে জড়িত দুগৰাকী মহিলাক আটক কৰে। আটকাধীন মহিলা দুগৰাকী সৰিফা খাতুন আৰু সাজিদা বেগম বুলি চিনাক্ত কৰা হৈছে(2 women arrested with vials of Drugs and fake notes in Guwahati) ।
জানিব পৰা মতে, ক্ৰাইম ব্ৰাঞ্চে মহলিসহ জব্দ কৰে ১৪৫টা অবৈধ ড্ৰাগছৰ শিশি, ৫০০ মূল্যৰ ২০টা ভুৱা ভাৰতীয় মুদ্ৰাৰ নোট আৰু ৪টা মোবাইল ফোন।
বৰ্তমান আটকাধীন মহিলা দুগৰাকীক জেৰা অব্য়াহত ৰাখিছে ।
লগতে পঢ়ক : Burmese Supari Seized : অবৈধ বাৰ্মিজ চুপাৰিৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ তীব্ৰ অভিযান