Local, Vocal, Global

Horrific road accident in Dima Hasao : পৰীক্ষা দিবলৈ আহোতেই বিদ্যালয়ৰ সন্মুখত বাহনৰ খুন্দাত নিহত দুই ছাত্ৰী

নিউজ ডেস্ক, ৯ মাৰ্চ : মৰ্মান্তিক দুৰ্ঘটনা । পৰীক্ষা দিবলৈ আহোতেই বিদ্যালয়ৰ সন্মুখত বাহনৰ খুন্দাত নিহত দুই ছাত্ৰীৰ(Horrific road accident in Dima Hasao) ।

ডিমা হাছাওৰ ঠাইজোৱাৰিত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা । শনিবাৰে সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো ।

জানিব পৰা মতে, শনিবাৰে ডিমা হাছাও জিলাৰ দিয়ুংমুখ আৰক্ষী থানাৰ অন্তৰ্গত থাইযোৱাৰীত এখন বাহনৰ খুন্দাত নিহত হয় দুই ছাত্ৰী। ।শনিবাৰে পুৱা প্ৰায় ৮:২০ বজাত পৰীক্ষা দিবলৈ আহোতেই বিদ্যালয়ৰ সন্মুখতে বাহন খুন্দা মাৰে ছাত্ৰী দুগৰাকীক ৷ফলত থিতাতে নিহত হয় ছাত্ৰী দুগৰাকী । নিহত দুই ছাত্ৰী দুগৰাকীৰ নাম লাবাংদিচা (৮) আৰু দেৱলিছা থাওচেন (১১) বুলি জানিব পৰা গৈছে(2 Student killed in a horrific road accident in Dima Hasao) ৷

থাইজোৱাৰী সৰস্বতী বিদ্যামন্দিৰৰ নাৰ্ছৰিৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী আছিল ক্ৰমে নাইচাৰিংডি লাবাংদিচা আৰু দেৱলিছা থাওচেন ৷

এই দুৰ্ঘটনাৰ পিচতে দিয়ুংমুখ আৰক্ষীক খবৰ দিয়া হয় ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ছাত্ৰী দুগৰাকীক হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু হাফলং অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে দুই ছাত্ৰীক মৃত বুলি ঘোষণা কৰে ।এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷

ইফালে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে জনোৱা মতে, দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজন নিচাসক্ত আছিল ৷ যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক : Delhi Police officer kicks men offering namaz : ৰাজধানী নতুন দিল্লীৰ ৰাজপথত এজন আৰক্ষীৰ অভব্য আচৰণ !