Local, Vocal, Global

Operation Against Fake Indian Currency Notes : কচুৱাত নকল টকাসহ টকা বনোৱা মেচিন জব্দ

নিউজ ডেস্ক, ৪নৱেম্বৰ : ৰাজ্যত যিমানে আৰক্ষী সষ্টম হৈছে সিমানে বাঢ়ি গৈ আছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা। ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম হৈছে ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান।কিন্তু তাৰ মাজতে একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে চলাই আছে অপৰাধ।একাংশ অসাধু চক্ৰই চলাই আছে নকল টকাৰ ৰমৰমীয়া ব্যৱহায়( Operation Against Fake Indian Currency Notess) ।

এইবাৰ নগাঁৱত নকল টকাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । নগাঁৱৰ কচুৱাৰ উত্তৰ শিমুলুগুৰিত কচুৱা আৰক্ষীয়ে চলাই অভিযান । অভিযানত নকল টকা বনোৱা মেচিনসহ ৪ জনক আটক কৰে ৷ নকল টকা বিক্ৰী কৰিবলৈ যোৱাৰ সময়তে নাগালেণ্ডৰ এহাল দম্পতীসহ চাৰিজন লোকক আটক কৰে আৰক্ষীয়ে(Nagaland Couple, 2 Others Held With Fake Notes In Nagaon) ।

জানিব পৰা মতে আটকাধীনলোককেইজন ক্ৰমে শিমুলুগুৰিৰ ইদ্ৰিছ আলী, মণিপুৰৰ উইখান এ শিমৰায়, নাগালেণ্ডৰ মিছ ভিচেনো আৰু কামপুৰৰ আনোৱাৰ হুছেইনক আটক৷

উল্লেখ্য যে, শুকুৰবাৰে নিশা কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ঈৰ্শ্বাদৰ নেতৃত্বত চলিছিল এই অভিযান। আভিযানত আটক মিছ ভিচেনো, ইউইখান এ শিমৰায়। আটক উত্তৰ শিমুলুগুৰিৰ ইদ্ৰিছ আলী, কাজিৰঙাৰ বালিছৰীয়াৰ আনুৱাৰ হুছেইন। ধৃত ব্যক্তি কেইজনৰ পৰা উদ্ধাৰ কৰে এটা নকল টকা ছপা কৰা প্ৰিণ্টিং মেচিন, নকল টকা প্ৰিণ্টিঙৰ বাবে ব্যৱহাৰ কৰা কাগজ।লগতে জব্দ কৰে তিনিটা মোবাইল হেণ্ডছেট, ৯ খন পাঁচশ টকীয়া নোট, নকল নোটৰ এটা বাণ্ডিল। আৰক্ষীয়ে জব্দ কৰে AS 21 C 4119 নম্বৰৰ এখন বাহন(Nagaland Couple, 2 Others Held With Fake Notes In Nagaon)।

ইতিমধ্যে আৰক্ষীয়ে আটকাধীন আটাইকেইজন ব্যক্তিৰ বিৰুদ্ধে কচুৱা থানাত ৰুজু কৰিছে গোচৰ।

লগতে পঢ়ক :Man Elephant conflict : গোলাঘাটত বন্যহস্তীৰ তাণ্ডৱ,শংকিত অঞ্চলবাসী