Local, Vocal, Global

2 Missing Mariani Girls Rescued in Bihar : বিহাৰত উদ্ধাৰ মৰিয়নীৰ পৰা নিৰুদ্দেশ হোৱা দুই ছাত্ৰী

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : বিহাৰত উদ্ধাৰ মৰিয়নীৰ পৰা নিৰুদ্দেশ হোৱা দুই ছাত্ৰী ৷ উদ্ধাৰ কৰি ছাত্ৰীসহ মৰিয়নী থানাত উপস্থিত হয় অভিভাৱক(2 Missing Mariani Girls Rescued in Bihar) ৷

শুকুৰবাৰৰ নিশা অভিভাৱকসহ ৰে’ল যোগে মৰিয়নীত উপস্থিত হয় ছাত্ৰী দুগৰাকী । শুকুৰবাৰে দুই ছাত্ৰী পিতৃ-মাতৃৰ সৈতে বিবেক এক্সপ্ৰেছৰ জৰিয়তে মৰিয়নী জংচনত উপস্থিত হয় । মৰিয়নী জংচনৰ পৰা পোনে পোনে অভিভাৱকৰ সৈতে দুই ছাত্ৰীৰ হাজিৰ হয় মৰিয়নী আৰক্ষী থানাৰ আৰক্ষী ওচৰত ।

অভিভাৱকৰ ভাষ্য অনুসৰি, নিৰুদ্দেশ হোৱা ছাত্ৰী দুগৰাকীক উদ্ধাৰ কৰিবলৈ অভিভাৱকৰ লগত আৰক্ষী যোৱা নাছিল । আৰক্ষীয়ে সহায়-সহযোগিতা অগবঢ়াইছিল যদিও কিন্তু তেওঁলোকে ছাত্ৰী দুগৰাকীক আনিবলৈ যোৱা নাছিল ৷

উল্লেখ্য যে, এই গোটেই ঘটনাটোত নাম সাঙোৰ খোৱা বিকিক এক অপৰাধত মৰিয়নী আৰক্ষীয়ে আটক কৰাৰো অভিযোগ আছে ৷ বিকিয়ে মৰিয়নী ত্যাগ কৰি বেংগালুৰুৰ এটা কোম্পানীত কাম কৰি আছিল আৰু দুই নিৰুদ্দেশ হোৱা ছাত্ৰীৰ এগৰাকী লগত সঘন যোগাযোগ আছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Farmers postpone ‘Delhi Chalo’ march till February 29 : ২৯ ফেব্ৰুৱাৰীলৈ স্থগিত কৃষকৰ দিল্লী চলো অভিযান; সমগ্ৰ দেশজুৰি আজি মমবাতি সমদল