Local, Vocal, Global

2 Mancachar-Based Drug Peddlers Arrested : মহানগৰীত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰীক

নিউজ ডেস্ক, ২মাৰ্চ : পুনৰ ৰাজ্যত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । এইবাৰ মহানগৰীত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী(2 Mancachar-Based Drug Peddlers Arrested)।

ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs Peddler Arrested) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়(2 Mancachar-Based Drug Peddlers Arrested By Special Task Force In Guwahati)।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ ।

একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীতো চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আজি মহানগৰীত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী।

উল্লেখ্য যে , শনিবাৰে অসমৰ বিশেষ টাস্ক ফ’ৰ্চে (STF)এক অভিযানত মানকাচৰৰ পৰা গুৱাহাটী অভিমুখী এখন বাহনক জব্দ কৰি নিচাজাতীয় সামগ্ৰীসহ দুজম লোকক আটক কৰে। প্ৰথমে পলাসবাৰীত আৰক্ষীয়ে আটক কৰিবলৈ চেষ্টা কৰিছিল যদিও কোনোমতে সেই ঠাইৰ পৰা গুৱাহাটী অভিমুখে পলায়ন কৰে।সেই সময়তে বেহাৰবাৰীৰ শিৱম চাৰ্ভিচ ষ্টেচনত এছটিএফৰ দলটোৱে আটক কৰে সৰবৰাহকাৰীক।

জানিব পৰা মতে, STF বাহিনীয়ে ২০টা চাবোনৰ বাকচত প্ৰায় ২৮০ গ্ৰাম হেৰ’ইন জব্দ কৰে । ইফালে আৰক্ষীয়ে আটক কৰা লোক দুজন বাকুৰচৰৰ মোড জিয়াউল হাছান আৰু মানকাচৰৰ কাকৰিপাৰাৰ মোড আৰ্ছাদ আলী বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক : Gautam Gambhir Quits Politics To Prioritize Cricket Career : ৰাজনীতিৰ পৰা অব্যাহতি বিচাৰিলে গৌতম গম্ভীৰে