Local, Vocal, Global

মণিপুৰত পুনৰ প্ৰকৃতিৰ ৰূদ্ৰ ৰূপ ভূমিস্খলনত ২ জনৰ মৃত্যু

নিউজ ডেক্স,৯ জুলাই : ৩০ জুনত মণিপুৰত সংঘটিত হোৱা ভূমিস্খলনৰ ঘটনাই এটাৰ পাছত আন এটা বেয়া খবৰ কঢ়িয়াই আনিছিল। সেই ঘটনাৰ শেষ নহওঁতেই মণিপুৰত পুনৰ প্ৰকৃতিৰ ৰূদ্ৰ ৰূপ ।

শুকুৰবাৰে পুৱা প্ৰায় ৭.৩০ বজাত গীৰ্জান্দপুৰ জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ-১০২ টিপাইমুখ ৰোডত ভয়ংকৰ ভূমিস্খলন সংঘটিত হয়। যাৰ ফলত দুটা শিশুসহ ১২ জন যাত্ৰী কঢ়িয়াই অনা ব’লেৰো কেম্পাৰ (MZ 01 W1063) গভীৰ খাৱৈত পৰি কমেও দুগৰাকী মহিলাৰ মৃত্যু হয় আৰু আন ৭ জন আহত হয়।

মৃতসকল মহিলা দুগৰাকীক Pherzawl জিলাৰ Sipuikawn গাঁৱৰ বাসিন্দা লালবুওটাচাই (৪৯) আৰু লালনুনজিৰ বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, আহত লোকসকলক আইনা গাঁৱৰ অসম ৰাইফলছৰ শিবিৰত প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰাৰ পিছত Churachandpur জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় ।

জানিব পৰা মতে, দুৰ্ঘটনাটোৰ সঠিক স্থান চুৰাচান্দপুৰ জিলাৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত Tipaimukh ৰোডৰ কাষৰ ছাণ্টিং এল আৰু চাইহুম গাঁৱৰ মাজত ।

চাইহুম গাঁৱৰ মুৰব্বী থুয়ামচাৰ মতে, চালক আৰু সহায়কসহ ১২ জন যাত্ৰী কঢ়িয়াই অনা বোলেৰো কেম্পাৰখন চুৰাচান্দপুৰৰ ফালৰ পৰা আহি আছিল।

বাহনখন টিপাইমুখ ৰোড ট্ৰান্সপোৰ্ট কো-অপাৰেটিভ চ’চাইটিয়ে পৰিচালনা কৰিছিল আৰু ঘটনাটোৰ সময়ত, বাহনখন চুৰাচান্দপুৰ চহৰৰ ফালে গৈ আছিল।

যিহেতু দুৰ্ঘটনাটোৰ স্থান দূৰৱৰ্তী, ওচৰৰ গাওঁখনৰ গাওঁবাসীয়েই উদ্ধাৰ প্ৰচেষ্টা চলাইছিল কিন্তু ভূমিস্খলনৰ ধ্বংসাৱশেষত যাত্ৰীসকল আবদ্ধ হৈ পৰাৰ ফলত উদ্ধাৰ অভিযান কঠিন হৈছিল।