Local, Vocal, Global

APSC Scam : CIDৰ কাৰ্যালয়ত হাজিৰ APS অসীমা কলিতা, ফাৰুক আহমেদ

নিউড ডেস্ক , ৭ ডিচেম্বৰ : আজি SITৰ জেৰাৰ সন্মুখীন হ’ব ২ ৰাজপত্ৰিত বিষয়া। APSC কেলেংকাৰি সন্দৰ্ভত জেৰাৰ সন্মুখীন হ’ব দুই বিষয়াই । আজি APS ফাৰুক আহমেদ, APS অসীমা কলিতা হাজিৰ হ’ব SITৰ ওচৰত(APSC Scam)।

APSC কেলেংকাৰীৰ লগত জড়িতসকলক CID কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে বিশেষ তদন্তকাৰী গোটে । আজি পুনৰ দুই ৰাজপত্ৰিত বিষয়াক বিশেষ তদন্তকাৰী গোটৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে( 2 Gazetted officers to appear before CID)।

বৰ্তমান তীব্ৰ গতিত চলি আছে APSC কেলেংকাৰীৰ লগত জড়িত ৰাজপত্ৰিত বিষয়াসকলৰ বিৰুদ্ধে অভিযান ।

প্ৰতিদিনে তদন্তত পোহৰলৈ আহি আছে নতুন নতুন মোৰ । প্ৰায় প্ৰতিদিনে APSC কেলেংকাৰীৰ লগত জড়িত ইজনৰ পিছত সিজন অভিযুক্তক CID কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে।

আজি SITত আন দুই ৰাজপত্ৰিত বিষয়াক হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল।ইতিমধ্যে APS ফাৰুক আহমেদ, APS অসীমা কলিতাই আজি SITৰ সন্মুখত হাজিৰ হ’বলৈ CID কাৰ্যালয়ত উপস্থিত হৈছে। ফাৰুক আহমেদক নিলম্বন কৰা হৈছে ইতিমধ্যে।

জানিব পৰা মতে, ফাৰুক আহমেদ আৰু অসীমা কলিতাক পৰীক্ষাৰ নম্বৰ বৃদ্ধি কৰি চাকৰি দিয়া হৈছিল।

লগতে পঢ়ক :Assam based journalist joins ULFA-I : পুনৰ আলফা (স্বাঃ)ত যোগদান অসমৰ যুৱকৰ