2 Drug Peddlers Arrested In Biswanath :বিশ্বনাথ আৰক্ষীৰ সফল অভিযান
নিউজ ডেস্ক, ২ মাৰ্চ : বিশ্বনাথ আৰক্ষীৰ সফল অভিযান। শনিবাৰে বিশ্বনাথ জিলা আৰক্ষীৰ বিশেষ দলৰ অভিযানত বুজন পৰিমানৰ ড্ৰাগছসহ আটক দুই ড্ৰাগছ সৰবৰাহকাৰী লগতে এখন পালচাৰ মটৰ চাইকেল( 2 Drug Peddlers Arrested In Biswanath)।
উল্লেখ্য যে, বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক শুভাশিষ বৰুৱাৰ নেতৃত্বত গঠন হোৱা আৰক্ষীৰ এটা বিশেষ দলে বিশ্বনাথ জিলাৰ অন্তৰ্গত বিভিন্ন স্থানত অবৈধ অনৈতিক কাৰ্যৰ বিৰুদ্ধে অভিযান চলাই আছে । তাৰ সমান্তৰালভাবে শনিবাৰেও উক্ত দলটোৱে বিশ্বনাথ চতিয়াৰ সীমান্তৰ গেৰেকীত অভিযান চলাই আৰু দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। আটক কৰা দুই ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা এঘাৰটাকৈ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু AS12 AG1613 নম্বৰৰ পালচাৰ মটৰ চাইকেল বাহন এখন জব্দ কৰে।
আৰক্ষীয়ে আটক কৰা লোক দুজন চতিয়া পলশনি গাঁৱৰ ছাইফুল ইছলাম আৰু ছাইফুল হক বুলি জানিব পৰা গৈছে( 2 Drug Peddlers Arrested)।
জানিব পৰা মতে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনে বালিপাৰাৰ উঠৰমাইলৰ পৰা বিশ্বনাথত কোনো লোকক উক্ত ড্ৰাগছখিনি দিবলৈ আহি এইদৰে বিশ্বনাথ আৰু চতিয়াৰ সিমান্তবৰ্তি অঞ্চল গেৰেকীত অভিযানকাৰী দলৰ জালত পৰে। ইফালে ঘটনাস্থলীত চতিয়া আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াও উপস্থিত হৈ দুই ড্ৰাগছ সৰবৰাহকাৰীক চতিয়া আৰক্ষীৰ জিম্মাত লৈ সোধা-পোছা অব্যাহত ৰাখিছে।