2 dead, 2 officers injured in Florida shootout :ভয়ংকৰ গুলীচালনাৰ ঘটনা;নিহত দুজন, আহত দুজন আৰক্ষী বিষয়া

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ জানুৱাৰী : এক ভয়ংকৰ গুলীচালনাৰ ঘটনা। গুলীচালনাৰ ফলত নিহত দুজনকৈ লোক, আহত দুজন আৰক্ষী বিষয়া(2 dead, 2 officers injured in Florida shootout) ।
পুনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা ৷ দেওবাৰে ফ্ল’ৰিডাৰ পাম বে’ত সংঘটিত হৈছে গুলীচালনাৰ ঘটনাটো ৷
সংবাদ সংস্থাই প্ৰকাশ কৰা বাতৰি অনুসৰি দেওবাৰে ফ্ল’ৰিডাৰ পাম বে’ত সংঘটিত হোৱা গুলীচালনাৰ ফলত আন দুজন লোক নিহত হোৱাৰ লগতে আহত হয় দুজন আৰক্ষী বিষয়া(2 killed, 2 police officers injured in Florida shootout) ।
স্থানীয় কৰ্তৃপক্ষই ঘটনা সম্পৰ্কত জানিবলৈ দিয়া অনুসৰি, ঘৰুৱা অশান্তি সম্পৰ্কীয় এটা ফোনৰ প্ৰতি বিষয়াসকলে সঁহাৰি জনোৱাৰ পিছতে এই গুলীচালনাৰ ঘটনাটো সংঘটিত হয় (2 dead, including suspect, and 2 police officers wounded in Florida shootout)।
ইফালে দেওবাৰে এখন সংবাদমেলৰ জৰিয়তে পাম বে’ৰ আৰক্ষী অধীক্ষক মাৰিয়ানো অ’গেলোৱে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ সময়ত আৰক্ষীয়ে এজন অস্ত্ৰধাৰী ২৪ বছৰীয়া যুৱকৰ মুখামুখি হয় বুলি জানিবলৈ দিয়ে । আৰক্ষীয়ে জনোৱা মতে, ঘটনাস্থলীত উপস্থিত হোৱাৰ পাচতে আৰক্ষী বিষয়া আৰু লোকজনৰ মাজত গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় ৷ বিষয়াসকলক গুলীয়াই সন্দেহজনক লোকজনে পলায়ন কৰে বুলি আৰক্ষী অধীক্ষক অ’গেলোৱে কয় ।
এই গুলাচীলনাৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে জনোৱা অনুসৰি, “আমাৰ সমাজৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা অপশক্তি নিষ্ক্ৰিয় আৰু বন্ধ কৰিবলৈ আমাৰ বিষয়াসকলক যি কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছিল, সেই কামেই কৰিছিল ।
বিষয়াগৰাকীয়ে লগতে কয় যে , “সন্দেহজনক লোকজনৰ প্ৰত্যক্ষ কাৰ্যৰ ফলত আন এজন ভুক্তভোগীৰ মৃত্যু হৈছে, যাৰ নাম মই এই মুহূৰ্তত উল্লেখ নকৰো ।”