Delhi building Collapse: খহি পৰিল দুমহলীয়া অট্টালিকা; নিহত দুজন শ্ৰমিক, আহত এজন

নেশ্যনেল ডেস্ক, ২১মাৰ্চ : খহি পৰিল দুমহলীয়া অট্টালিকা । ধ্বংসস্তূপত আৱদ্ধ লোক(Delhi building Collapse) ।
দিল্লীৰ কবিৰ নগৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। বৃহস্পতিবাৰে পুৱতি নিশা দিল্লীৰ কবিৰ নগৰত খহি পৰিল দুমহলীয়া অট্টালিকা। ফলত আৱদ্ধ হৈ পৰে শ্ৰমিক । ধ্বংসস্তূপত আৱদ্ধ হোৱা এজন আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰে যদিও বাকী দুজনৰ মৃতদেহ উদ্ধাৰ কৰে(2 Dead, 1 Injured After Two-Storey Building Collapses In Delhi)।
সংবাদ মাধ্যমে জনোৱা অনুসৰি , তিনিওজনেই জিন্স কাৰখানাৰ কৰ্মচাৰী আছিল যিয়ে ভাঙি পৰা পুৰণি অট্টালিকাটোৰ তলৰ মহলাত কাম কৰি আছিল। মৃত যুৱকজনৰ নাম আৰছাদ (৩০) আৰু তৌহিদ (২০) বুলি চিনাক্ত কৰা হৈছে ।
জানিব পৰা মতে, এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আৰু ধ্বংসস্তূপত আৱদ্ধ লোককেইজনক উদ্ধাৰ কৰি জিটিবি হাস্পতাললৈ প্ৰেৰণ কৰে যদিও হাস্পতাল লোককেইজনক মৃত বুলি ঘোষণা কৰে, আনহাতে সংকটজনক অৱস্থাত এতিয়াও চিকিৎসাধীন হৈ আছে ৰেহান (২২) নামৰ যুৱকজন(2 dead, 1 injured after two-storey building collapses in Delhi)।
ষ্টেচন অফিচাৰ আনুপে সংবাদ মাধ্যমক জনোৱা অনুসৰি, “আমাক অট্টালিকা ভাঙি পৰাৰ সন্দৰ্ভত ফোন আহিছিল, ফোন অহাৰ লগে লগে উদ্ধাৰকাৰী দলটোৱে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান চলাই ।
উল্লেখ্য যে, চলিত সপ্তাহৰ আৰম্ভণিতে কলকাতাৰ গাৰ্ডেন ৰিচ এলেকাত নিৰ্মাণৰত পাঁচ মহলীয়া অট্টালিকা ভাঙি দহজন লোকৰ মৃত্যু হয়। মাজ নিশা হাজাৰী মোল্লা বাগানৰ গাৰ্ডেন ৰিচ অঞ্চলৰ কাষৰীয়া বস্তিটোৰ ওপৰত পাঁচ মহলীয়া অট্টালিকাটোৰ এটা অংশ ভাঙি পৰে। ধ্বংসাৱশেষৰ তলত আবদ্ধ হ’ব পৰে বহু লোক ।
লগতে পঢ়ক : Assam Police Seize Huge Quantity of Heroin : তিতাবৰত জব্দ বুজন পৰিমাণ নিচা জাতীয় টেবলেট