Local, Vocal, Global

Irrigation project collapsed : তাচপাতৰ দৰে খহিল চিৰাঙৰ ২কোটি টকীয়া জলসিঞ্চন বিভাগৰ প্ৰকাণ্ড শ্লুইচ গেট

নিউজ ডেস্ক, ২৬ জুন : তাচ-পাতৰ দৰে ভাগি পৰিল ডোমগাঁও-শালবাৰী স্থিত ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলসিঞ্চন বিভাগৰ প্ৰকাণ্ড শ্লুইচ গেট(Irrigation project collapsed) । চিৰাঙৰ বেংতল ৰাজহচক্ৰৰ ডোমগাঁও-শালবাৰী গাঁৱত সোমবাৰে পুৱাৰ ভাগত এই ভয়ংকৰ কাণ্ড সংঘটিত হয়(Irrigation project collapsed) ।

বিটিচি প্ৰশাসনৰ জলসিঞ্চন বিভাগৰ দ্বাৰা ২০০৬-০৭ চনত এই শ্লুইচ গেটৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল আৰু ২০১০ চনত এই শ্লুইচ গেট কৃষক ৰাইজৰ হকে মুকলি কৰা হৈছিল। আজি পুৱা ৯ বজাত বৰষুণ তথা বাৰিষাৰ বাঢ়নী পানী অবিহনেই হঠাতে শ্লুইচ গেটখন ভাগি পৰাত ৭-৮ খন গাঁৱৰ কৃষিজীৱী লোকসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় (2 crore irrigation project in Chirang collapsed)।

কাৰণ এই জলসিঞ্চন প্ৰকল্পৰ পানীৰ ওপৰতে নিৰ্ভৰশীল কৃষি নিৰ্ভৰ পৰিয়ালৈ ভাবুকি নমাই আনিছে(2 crore irrigation project in Chirang collapsed)। এই ২ কোটি টকীয়া জলসিঞ্চন প্ৰকল্পটো হঠাতে ভাগি পৰাত ৭/৮ খন গাঁৱৰ ২৫০০ বিঘা কৃষিভূমিৰ ভৱিষ্যত এক অনিশ্চয়তাৰ মাজত সোমাই পৰিছে । যাৰ বাবে শংকিত হৈ পৰিছে অঞ্চলটোৰ কৃষিজীৱি লোকসকল ।

স্থানীয় লোকৰ অভিযোগ অনুসৰি বিপিএফ চৰকাৰৰ দিনত জলসিঞ্চন বিভাগৰ কোকৰাঝাৰ সংমণ্ডলৰ দুৰ্নীতিগ্ৰস্থ কাৰ্যবাহী অভিযন্তা অমৰজ্যোতি ডেকা আৰু কোকৰাঝাৰৰ দুৰ্নীতিগ্ৰস্থ ঠিকাদাৰ ছহীদ আলীয়ে মিলি নামমাত্ৰ লোৰ ব্যৱহাৰ কৰি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি এই শ্লুইচ গেট নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে । যাৰ কাৰণে আজি নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ ১২ বছৰৰ মূৰত এইদৰে তাচ-পাতৰ দৰে ভাগি পৰে দলং খন।

একমাত্ৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত দুৰ্নীতিৰ প্ৰশ্ৰয় লোৱাৰ বাবেই জলসিঞ্চন বিভাগৰ এই কোটি টকীয়া শ্লুইচ গেটখন এইদৰে ভাগি পৰে । ভুক্তভোগী হৈছে এতিয়া এই অঞ্চলৰ খেতিয়কসকল। কৃষক ৰাইজে ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে এই জলসিঞ্চন প্ৰকল্পৰ নিৰ্মাণ কাৰ্যত দুৰ্নীতি সংঘটিত কৰা অভিযন্তা আৰু ঠিকাদাৰসকলৰ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে।

ইফালে জলসিঞ্চন বিভাগৰ এই শ্লুইচ গেট ভাগি পৰাৰ খবৰ লাভ কৰি ঘটনাস্থলীত আহি উপস্থিত হয় চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী আৰু জলসিঞ্চন বিভাগৰ চিৰাং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ধ্ৰুৱজ্যোতি তামুলী । এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক জয়ন্ত বসুমতাৰীয়ে এই ঘটনাৰ বাবে সম্পূৰ্ণ ৰূপে দায়ী কৰে তদানীন্তন বিপিএফ দলৰ চৰকাৰক।

বিগত ১৫ বছৰ উন্নয়নৰ নামত হাগ্ৰামা মহিলাৰীৰ শাসনকালত কিদৰে দুৰ্নীতি সংঘটিত হৈছিল তাৰ জলন্ত উদাহৰণ হৈছে ডোমগাঁও-শালবাৰী জলসিঞ্চন বিভাগৰ শ্লুইচ গেট ভাগি পৰাৰ ঘটনা । বিটিআৰ এলেকাত বিপিএফ দলৰ শাসনকালত উন্নয়নৰ নামত দুৰ্নীতি সংঘটিত কৰি হাজাৰ হাজাৰ কোটি টকাৰ ঋণৰ বোজা বৰ্তমানৰ ইউপিপিএল চৰকাৰৰ মূৰত জাপি দি গৈছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ।

এই ঘটনাৰ বাবে এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰাৰ লগতে এই অঞ্চলৰ কৃষক সকলৰ স্বাৰ্থৰ কথা চিন্তা কৰি যিমান সোনকালে সম্ভৱ অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনৰ সৈতে আলোচনা কৰি প্ৰকল্পটো পুনঃনিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰি কৰে ।

লগতে পঢ়ক : Meghalaya tense : মেঘালয়ত দুষ্কৃতিকাৰীৰ শিলগুটি নিক্ষেপত আহত ২ বিএছএফ জোৱান