Local, Vocal, Global

2 Chinese Nationals Arrested In UP For Illegally Entering India : অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুই চীনা নাগৰিকক

নেশ্যনেল ডেস্ক,২৭মাৰ্চ : অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুই চীনা নাগৰিকক। উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাত এছএছবি জোৱানে ভাৰত-নেপাল সীমান্তৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰে দুই নাগৰিকক । দুয়ো অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল(2 Chinese Nationals Arrested In UP For Illegally Entering India)।

গ্ৰেপ্তাৰ কৰা দুজনৰ এজন পুৰুষ আৰু এগৰাকী মহিলা। আটক কৰা লোক দুজন চীনৰ ছিচুয়ানৰ বাসিন্দা ঝৌ পুলিন আৰু মহিলাগৰাকী চীনৰ চংকিঙৰ বাসিন্দা ইউয়ান ইউহান বুলি চিনাক্ত কৰা হৈছে।

ইতিমধ্যে তেওঁলোকক আদালতত হাজিৰ কৰোৱা হৈছে লোক দুজনক।

জানিব পৰা মতে ২৬ মাৰ্চত ইণ্ডো-নেপাল সীমান্তত এছএছবিৰ জোৱানে পেট্ৰলিং কৰি আছিল। তেতিয়াই দুয়োকে গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ পৰা দুটা চাইনা পাছপোৰ্ট, ২খন নেপালী ভিছা, ২খন চাইনা চিমকাৰ্ড, ২খন নেপালৰ চীম কাৰ্ড. ২টা ফোন আৰু অন্য বহু সামগ্ৰী জব্দ হৈছে।

আটক হোৱা দুই অভিযুক্তৰ নাম জৌ পুলিন আৰু য়ুৱান য়ুহান।অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। মোহনা আৰক্ষী থানাত ধাৰা ১৪ (এ) বিদেশী আইন-১৯৪৬ ৰ অধীনত এটা গোচৰ ৰুজু হৈছে আৰু আদালতত হাজিৰ কৰোৱা হৈছিল(Two Chinese nationals arrested in UP’s Siddharthnagar for illegally entering India)।

লগতে পঢ়ক : woman from Nepal assaulted on suspicion of child trafficking : সোপাধৰাৰ সন্দেহত মহিলাক অমানৱীয় অত্যাচাৰ ৰাইজৰ