Local, Vocal, Global

Meghalaya tense : মেঘালয়ত দুষ্কৃতিকাৰীৰ শিলগুটি নিক্ষেপত আহত ২ বিএছএফ জোৱান

নেশ্যনেল ডেস্ক, ২৬ জুন : মেঘালয়ত BSF আৰু একাংশ লোকৰ মাজত সংঘাত(Meghalaya tense) । বিএছএফ জোৱানসহ ৫ জন লোক আহত । ঘটনাৰ আঁৰত চোৰাং সৰবৰাহকাৰী জড়িত থকাৰ সন্দেহ( 2 BSF Jawans Injured In Stone Pelting) ।

মেঘালয়ৰ পূব খাচী পাহাৰত দেওবাৰে নিশা হঠাৎ উত্তেজনাৰ সৃষ্টি হয় (Meghalaya tense)। দেওবাৰে নিশা মেঘালয়ত দুষ্কৃতিকাৰীয়ে নিৰাপত্তা বাহিনীক শিলগুটি আৰু খালী সুৰাৰ বটল নিক্ষেপ কৰি প্ৰতিশোধমূলক গুলীচালনা কৰে । বিএছএফৰ এটা সীমান্ত চকীত একাংশ লোকে আক্ৰমণ কৰে । এই ঘটনাত বিএছএফৰ ২ গৰাকী জোৱানসহ প্ৰায় ৫ জন লোক আহত হয়( 2 BSF Jawans Injured In Stone Pelting) ।

সোমবাৰে বিষয়াসকলে জনোৱা অনুসৰি ৰাজ্যৰ ৰাজধানী শ্বিলঙৰ পৰা ১০০ কিলোমিটাৰ দক্ষিণে ডাউকি চহৰৰ ওচৰৰ উমছিয়েম গাঁৱত নিশা প্ৰায় ১০ মান বজাত এই ঘটনা সংঘটিত হয় । বিএছএফ মেঘালয় ফ্ৰণ্টিয়াৰৰ ইন্সপেক্টৰ জেনেৰেল প্ৰদীপ কুমাৰে জনোৱা অনুসৰি যোৱা কেইদিনমানত বিএছএফৰ জোৱানসকলে বাংলাদেশলৈ চলি থকা চোৰাং সৰবৰাহৰ বিৰুদ্ধে যথেষ্ট কঠোৰ হৈছে ।

বহু অবৈধ সামগ্ৰী জব্দ কৰাৰ লগতে চোৰাং ব্যৱসায়ীসকলকো চিনাক্ত কৰিবলৈ সক্ষম হৈছে । যাৰ বাবে সেই দুষ্টচক্ৰৰ নেতৃত্বত একাংশ লোকে সীমান্তত আক্ৰমণ কৰিছিল । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিএছএফৰ জোৱানসকলে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ।

আক্ৰমণকাৰীয়ে নিক্ষেপ কৰা শিলৰ আঘাতত ২ গৰাকী বিএছএফ জোৱান আহত হয় । বিষয়াগৰাকীয়ে জনোৱা অনুসৰি লোকসকলে যেতিয়া বলপূৰ্বকভাৱে সীমান্ত চকীত প্ৰৱেশৰ চেষ্টা কৰিছিল আৰু তেওঁলোকক পিছলৈ ঠেলি দিয়া হৈছিল ।

জানিব পৰা মতে এই ঘটনাটোত কমেও ৩ গৰাকী আক্ৰমণকাৰীও আহত হয় । তিনিজন আৰোহীৰ সৈতে এখন বাহন চকীৰ ওচৰত বিকল হোৱাৰ পাছতে ঘটনাটোৰ সূত্ৰপাত হৈছিল । এই বিষয়টোৱে বিএছএফক ক্ষুব্ধ কৰি তুলিছিল । বিএছএফৰ জোৱানসকলে তিনিওজনকে চোৰাং ব্যৱসায়ী বুলি অভিযোগ কৰিছে । বিএছএফৰ জোৱানসকলে তেওঁলোকক আটক কৰাৰ চেষ্টা কৰে । ইফালে এই খবৰ পোৱাৰ পাছতে ওচৰৰে স্থানীয় লোকসকলে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সেই স্থানত উপস্থিত হয় ।

গাঁৱৰ একাংশ লোকে অভিযোগ কৰা অনুসৰি বিএছএফৰ জোৱানসকলে কৰ্তব্যৰত অৱস্থাত সুৰাপান কৰি আছিল । অৱশ্যে এই অভিযোগ বিএছএফ কৰ্তৃপক্ষই অস্বীকাৰ কৰিছে । ইন্সপেক্টৰ জেনেৰেল প্ৰদীপ কুমাৰে জনোৱা অনুসৰি সীমান্তত কৰ্মৰত জোৱানসকলক সুৰাপান কৰিবলৈ অনুমতি দিয়া নহয় ।

বিষয়াগৰাকীয়ে জনোৱা মতে স্থানীয় আৰক্ষী আৰু জ্যেষ্ঠ বিএছএফ বিষয়াসকল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লগে লগে ঘটনাস্থলীত উপস্থিত হয় । ইফালে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক : Fake DC Arrested in Tezpur : তেজপুৰ আৰক্ষীৰ জালত ভুৱা উপায়ুক্ত আৰু তেওঁৰ ৯ দেহৰক্ষী