WATCH | 2 Bangladeshi Nationals Detained in Lumding : লামডিং জংচনত দুই বাংলাদেশীক আটক
লামডিং,২৮এপ্ৰিল : লামডিং জংচনত দুই বাংলাদেশীক আটক।
লামডিং RPF য়ে ট্ৰেইনৰ পৰা আটক কৰে দুই বাংলাদেশীক।
RPF য়ে আটক কৰি ৰেল আৰক্ষীক গতাই দিয়ে(2 Bangladeshi Nationals Detained in Lumding)।
আটকাধীন দুই বাংলাদেশীৰ নাম ফিৰোজ শ্বেখ বয়স ৩৫ ঘৰ বাঘীৰহাট জিলাৰ কচুবাত (বাংলাদেশ) আনজনৰ নাম মইনা ৰোছানি কাশ্যপ বয়স ৩১ ঘৰ খুলনা জিলাৰ ফুলবাৰী গেটত বুলি জানিব পৰা গৈছে।
উজনিমুবা 13173 নং কাঞ্চনজংঘা এক্সপ্ৰেছ ট্ৰেইনখনৰ পৰা আটক কৰে RPF য়ে।
আটকাধিন বাংলাদেশী ফিৰোজ শ্বেখৰ ভাষ্য অনুসৰি দুইজনে ১ বছৰ পূৰ্বে দালালক ধন দি সীমান্ত পাৰ কৰি ভাৰতত প্ৰৱেশ কৰিছিল আৰু ইমান দিন বাংগালোৰত কাম কৰি আছিল।
লগতে পঢ়ক :WATCH | Dead body found : অৱশেষত উদ্ধাৰ হ’ল বৰপেটাৰ বহৰিত ব্ৰহ্মপুত্ৰত নিখোজ হোৱা কিশোৰৰ মৃতদেহ