2 Assam students killed in Nagaland’s Sankki road accident : মৰ্মান্তিক ! বন্ধুৰ সৈতে ফুৰিবলৈ গৈ অকাল মৃত্যুক আঁকোৱালি ল’লে টীয়কৰ ২ মেধাৱী ছাত্ৰই
নিউজ ডেস্ক,৮জুন : এক শোকাৱহ দুৰ্ঘটনা ! পথ দুৰ্ঘটনাই কাঢ়ি নিলে দুই মেধাৱী ছাত্ৰক। নগালেণ্ডত সংঘটিত হৈছে এই মৰ্মান্তিক দুৰ্ঘটনাটো
নগালেণ্ডৰ চাংকিত বন্ধুৰ সৈতে ফুৰিবলৈ গৈ অকাল মৃত্যুক আঁকোৱালি ল’লে টীয়কৰ ২ মেধাৱী ছাত্ৰই।
জানিব পৰা মতে, নগালেণ্ডৰ মোককচোং জিলাৰ মাকলোম্বা থানাৰ অন্তৰ্গত চাংকি বস্তিৰ সমীপত AS-04AB-9974 নম্বৰৰ স্কুটীসহ ২ যুৱক প্ৰায় ২০০ ফুট তলত পাহাৰৰ খাৱৈত পৰে ফলত থিতাতে নিহত হয় দুই ছাত্ৰ ৷ দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰ দুজন শিৱসাগৰ জিলাৰ জাঁজী গড়মূৰ ব্ৰাহ্মিণ গাঁৱৰ আকাশ গোৱালা আৰু টীয়কৰ তামুলীছিগাৰ চাপৰি গাঁৱৰ দ্বীপজ্যোতি গগৈ বুলি জানিব পৰা গৈছে(2 Assam students killed in Nagaland’s Sankki road accident)।
নিহত ছাত্ৰ দুজন টীয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰথম বাৰ্ষিকৰ ছাত্ৰ আছিল আকাশ গোৱালা আৰু দ্বীপজ্যোতি গগৈ। বন্ধু সৈতে পাঁচজনীয়া এটা দল ফুৰিবলৈ গৈছিল চাংকিলৈ। ইতিমধ্যে নগালেণ্ড আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি টীয়ক আৰক্ষীকৰ সৈতে যোগাযোগ কৰিছে।