Local, Vocal, Global

ৰে’লপথ মেৰামেতিৰ বাবে ১৮০ কোটিঃ ১০ জুলাইত পুনৰ আৰম্ভ হ’ব ৰে’লসেৱা

নিউজ ডেস্ক, ২৩ মে’- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান আৰু ভূমিস্থলনত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে অৱগত কৰাৰ পাছতেই ক্ষতিগ্ৰস্ত আন্তঃগাঠনি কাম আৰম্ভ হৈছে।

দেওবাৰে মুখ্যমন্ত্ৰী ড° বিশ্ব শৰ্মাই নতুন দিল্লীত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ অধ্যক্ষা অলকা উপাধ্যায় আৰু ৰে’লমন্ত্ৰী অশ্বিনী বৈঞ্চৱৰ সৈতে আলোচনাত মিলিত হয়।

আলোচনাকালত ৰে’লমন্ত্ৰী বৈঞ্চৱে ক্ষতিগ্ৰস্ত ৰে’লসেৱা পুনৰ আৰম্ভ কৰাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ আশ্বাস প্ৰদানৰ লগতে ৰে’ল মন্ত্ৰালয়ে ৰে’লপথ আৰু দলং নিৰ্মাণৰ বাবে ১৮০ কোটি টকা মঞ্জুৰ কৰাৰ কথা ব্যক্ত কৰে আৰু অহা ১০ জুলাইৰ ভিতৰত ৰে’লসেৱা আৰম্ভ কৰাৰ কথা অৱগত কৰে।