Local, Vocal, Global

স্বাধীনতা দিৱসত সমগ্ৰ অসমৰ ৩১ খন কাৰাগাৰৰ পৰা মুকলি কৰিব ১৮ জন বন্দীক

নিউজ ডেস্ক, ১০ আগষ্ট : ৭-১০ বছৰৰ পৰা কাৰাগাৰত থকা বন্দীসকলক তেওঁলোকৰ স্বচ্ছতাৰ ওপৰত ভিত্তি কৰি মুকলি কৰি দিয়াৰ নিৰ্দেশ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ। এই নিৰ্দেশ অনুসৰি স্বাধীনতা দিৱসত সমগ্ৰ অসমৰ ৩১ খন কাৰাগাৰৰ পৰা ১৮ জন বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে ।

উল্লেখ্য যে, বন্দীসকলে তেওঁলোকৰ কাৰাগাৰত ৬৬ শতাংশ অতিবাহিত কৰাৰ পিছত স্বাধীনতা দিৱসত মুকলি আকাশৰ তললৈ আহিব।

মুকলি হ’বলগীয়া ১৮ জন বন্দীৰ ভিতৰত ৪ জন গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ (Guwahati Central jail) , ৪ জন কৈ যোৰহাট (Jorhat ) আৰু ডিব্ৰুগড়ৰ, ৩ জন নগাঁও বিশেষ কাৰাগাৰৰ (Nagaon Special jail) , ২ জন নগাঁও কাৰাগাৰৰ আৰু ১ জন অভয়াপুৰী কাৰাগাৰৰ।

উল্লেখ কৰিব পাৰি যে ৰাজ্যজুৰি ৩১ খন কাৰাগাৰত ১১,৩২৫ জন বন্দী আছে।

তদুপৰি, এই বছৰ আজাদী কা অমৃত মহোৎসৱৰ সৈতে একাত্মতা প্ৰকাশ কৰি কাৰাগাৰচৌহদৰ ভিতৰত ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰা হৈছে। পতাকাবোৰ খানাপাৰাৰ আইজি কাৰাগাৰৰ আউটলেটত বিক্ৰী কৰা হৈছে।

ইফালে, কাৰাগাৰ কৰ্তৃপক্ষই চাৰিজন কাৰাগাৰৰ কৰ্মচাৰীক তেওঁলোকৰ দৃষ্টান্তমূলক কামৰ বাবে প্ৰথমবাৰৰ বাবে প্ৰেৰণাদায়ক বঁটা প্ৰদান কৰিছে।