Delhi railway station stampede: নতুন দিল্লী ৰে’লৱে ষ্টেচনত ভয়ংকৰ ঘটনা;নিহত ১৮জন,আহত ১৫জন

নিউজ ডেস্ক,১৬ফেব্ৰুৱাৰী : নতুন দিল্লী ৰে’লৱে ষ্টেচনত ভয়ংকৰ ঘটনা। দেওবাৰে মাজনিশা সংঘটিত হ’ল এই ভয়ংকৰ ঘটনাটো(Delhi railway station stampede)।দেওবাৰে মাজ নিশা প্ৰায় ১২.৩০বজাত দিল্লী ৰেলৱে ষ্টেচনত হয় ভয়ংকৰ ঠেলা-হেচাঁ। অত্যধিক ভিৰৰ বাবে ৰে’লৱে’ ষ্টেচনত সৃষ্টি হৈছে শ্বাসৰুদ্ধকৰ পৰিস্থিতি।শ্বাসৰুদ্ধ হৈ প্ৰাণ গল ১৮গৰাকীকৈ লোকৰ। নিহত লোককেইজনৰ ভিতৰত আছে ৫টি শিশু,৯গৰাকী মহিলা,৪জন পুৰুষ । আনহাতে আহত হৈছে ১৫জনতকৈ অধিক লোক(18 people dead, several injured at New Delhi railway station)।
ঘটনা সন্দৰ্ভত দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই সংবাদ মাধ্যমক কয়, ‘নতুন দিল্লী ৰে’লৱে’ ষ্টেচনত পদপিষ্টৰ দৰে পৰিস্থিতিত হোৱাৰ ফোন আহিছিল। ততাতৈয়াকৈ আমাৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়।’
উল্লেখ্য যে, ৰে’লৱে’ ষ্টেচনটোৰ ১৪ আৰু ১৫ নং প্লেটফৰ্মত সংঘটিত হয় এই ঘটনাটো। প্ৰয়াগৰাজলৈ যোৱা দুখন ৰে’ল বাতিল হোৱাৰ ফলত প্লেটফৰ্মত বিশৃংখলতাৰ সৃষ্টি হয়। কাৰণ বহু সংখ্যক মহাকুম্ভ ভক্তই নিজৰ ৰে’ল ধৰিবলৈ ১৩ আৰু ১৪ নং প্লেটফৰ্মত সমবেত হৈছিল। নিশা প্ৰায় ১০ বজাত সংঘটিত এই ঘটনাৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।
লগতে পঢ়ক:HSLC Exam 2025 : পৰীক্ষা পৰিচালনাত গাফিলতি কৰি নিলম্বিত হ’ল এজন প্ৰধান শিক্ষক