18 Injured In Road Accident In Kokrajhar : যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত; আহত ১৮জন যাত্ৰী
নিউজ ডেস্ক,১৮মে’ : যাত্ৰীবাহী বাছ দুৰ্ঘটনাগ্ৰস্ত । দুৰ্ঘটনাত আহত ১৮জন ।
কোকৰাঝাৰৰ ছেৰফাংগুৰিত সংঘটিত হৈছে ভয়ংকৰ বাছ দুৰ্ঘটনা । শনিবাৰে কোকৰাঝাৰ চেৰফাংগুৰী পাটগাঁও ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটেো(18 Injured In Road Accident In Kokrajhar)।
দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছখন পশ্চিম বংগৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল । সেই সময়তে শনিবাৰে পুৱাই হঠাতে দুৰ্ঘটনাত পতিত হয় বাছখন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01PC 5625 ।
জানিব পৰা মতে, যাত্ৰীবাহী বাছখন দুৰ্ঘটনাগ্ৰস্ত হৈ বাছখনত থকা ১৮ গৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হয় । বৰ্তমান আঘাত প্ৰাপ্ত লোককেইজন কোকৰাঝাৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে(18 Injured In Road Accident In Kokrajhar) ।
লগতে পঢ়ক : Son Brutally Killed Father : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ