Local, Vocal, Global

18, including 2 children, killed in Ukrainian shelling on Russian city of Belgorod : ৰাছিয়াত ইউক্ৰেইনৰ গোলাবৰ্ষণ; ২ শিশুসহ নিহত ১৮ জন

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩১ ডিচেম্বৰ : ইজৰাইল-হামাছৰ যুদ্ধ অব্যাহত থকাৰ সময়তে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ ৷ এইবাৰ ৰাছিয়াত আক্ৰমণ চলাইছে ইউক্ৰেইনে ৷

চিএনএনে প্ৰকাশ কৰা বাতৰি অনুসৰি শনিবাৰে ৰাছিয়াৰ বেলগ’ৰড চহৰত ইউক্ৰেইনে গোলাবৰ্ষণ কৰে ফলত দুটা শিশুসহ ১৮ জন লোক নিহত হয়(18, including 2 children, killed in Ukrainian shelling on Russian city of Belgorod) ।

ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ প্ৰথম উপ-স্থায়ী প্ৰতিনিধি ডিমিট্ৰি পলিয়ানস্কিয়ে শনিবাৰে কয় যে তেওঁৰ দেশখনে এই গুলীচালনাৰ প্ৰতি লক্ষ্য কৰি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকৰ বাবে অনুৰোধ জনাইছে।

গোলাবৰ্ষণৰ পিছত ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে এই অপৰাধ শাস্তিহীন হৈ নাথাকিব।কিয়ভ শাসন ব্যৱস্থাই… ফ্ৰণ্ট লাইনত হোৱা পৰাজয়ৰ পৰা মনোযোগ আঁতৰাই আমাক একেধৰণৰ পদক্ষেপ ল’বলৈ উচটনি দিবলৈ চেষ্টা কৰিছে,”।

উল্লেখ্য যে, ৰাছিয়াই ইউক্ৰেইনত চলোৱা এয়াৰ ষ্ট্ৰাইকৰ পাচতে ইউক্ৰেইনেও ৰাছিয়াত প্ৰত্যাক্ৰমণ কৰে ।

ঘটনাৰ সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি দিমিত্রি পলিয়ানস্কিয়ে শনিবাৰে কয় যে, ইউক্ৰেইনৰ এনে আক্ৰমণৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকৰ বাবে অনুৰোধ জনাইছে । ইফালে ৰাছিয়াই ইউক্ৰেইনত চলোৱা আক্ৰমণৰ ফলত প্ৰায় ৪০ জন লোকৰ মৃত্যু হৈছিল আৰু ১৫০ ৰো অধিক আহত হৈছিল । আনহাতে ইউক্ৰেইনৰ আক্ৰমণক সহজভাৱে ল’ব পৰা নাই ৰাছিয়াই ৷ সেয়ে ইউক্ৰেইনে চলোৱা আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা এক প্ৰেছ বিবৃতি জাৰি কৰা হৈছে ৷

ইফালে এবছৰৰো অধিক সময় ধৰি চলি আছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ৷ এই যুদ্ধত হাজাৰৰো অধিক লোক নিহত হোৱাৰ লগতে লাখ লাখ লোক আহত হৈছে ৷ ধ্বংসস্তুপত পৰিণত হৈছে ইউক্ৰেইনৰ বিভিন্ন চহৰ ৷ইউৰোপ ইউনিয়ত ইউক্ৰেইন চামিল হোৱাৰ বাবে আৰম্ভ হোৱা যুদ্ধ এতিয়াও চলিয়ে আছে ৷ আক্ৰমণ প্ৰত্যাক্ৰমণৰ ফলত বিস্তৰ ক্ষতি সাধন হয় ইউক্ৰেইনৰ ৷ কিন্তু আমেৰিকা, ইউৰোপ ইউনিয়ন তৰফৰ পৰা পোৱা সহায়ৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে বৰ্তমানে যুঁজ দিবলৈ সক্ষম হৈছে ইউক্ৰেইন ৷

লগতে পঢ়ক : Hamas Terrorists in Gaza School Fires on Soldiers as Civilians Sheltered There : গাজাত ইজৰাইলী সেনাক লক্ষ্য কৰি গুলীচালনা হামাছ সন্ত্ৰাসবাদীৰ