Local, Vocal, Global

176 kg of ganja seized by Majbat police : ওদালগুৰি জিলাৰ পৃথক পৃথক স্থানত মাজবাট আৰক্ষীৰ অভিযান; জব্দ ১৭৬ কেজি ভাং

নিউজ ডেস্ক, ১৮ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা । নিতৌ সৰবৰাহ হৈ নিতাজাতীয় সামগ্ৰী( 176 kg of ganja seized by Majbat police ) ।

হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই ।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

এইবাৰ মাজবাট আৰক্ষীৰ অভিযান । ওদালগুৰি জিলাৰ পৃথক পৃথক স্থানত আৰক্ষীৰ অভিযান। অভিযানত জব্দ ১৭৬ কেজি ভাং( 176 kg of ganja seized by Majbat police ) ।

জানিব পৰা মতে মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে, উপ-আৰক্ষী পৰিদৰ্শক কুশল চন্দ্ৰ নাথ আৰু লালপানী আৰক্ষী চকীৰ এক বৃহৎ আৰক্ষীৰ দলে নিশা ৰৌতা নদীৰ কাষৰ ডিমাচাং অঞ্চলৰ ঘন জংগলৰ পৰা ৫ বস্তা আৰু লৌকিবাৰী অঞ্চলৰ পৰা ২ বস্তা ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। দুটা পৃথক অভিযান চলাই মুঠ ১৭৬ কেজি ভাং জব্দ কৰিবলৈ সক্ষম হয় মাজবাট আৰক্ষীয়ে।

আনহাতে মাজবাট আৰক্ষীয়ে দিনে নিশাই অসম অৰুণাচল সীমান্ত অঞ্চলৰ ঘন অৰণ্যত ভাং বিচাৰি সমগ্ৰ অঞ্চল চলাথ কৰাৰ লগতে ভাং সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ দিনে নিশাই অভিযান চলাই গৈছে। আৰক্ষী সূত্ৰে জানিব পৰামতে জব্দ কৰা ১৭৬ কেজি ভাং খিনিৰ আন্তর্জাতিক বজাৰ মূল্য প্ৰায় ১৮ লাখ টকা হ’ব।

লগতে পঢ়ক : Delhi’s Alipur fire probe : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ; মৃত্যু ১১ জনৰ, গ্ৰেপ্তাৰ অখিল জৈন আৰু ৰাজৰাণীক