Local, Vocal, Global

17-Year-Old student missing after jumping into Gaurang River : গৌৰাং নৈত জাপ দি সন্ধানহীন ছাত্ৰ

বিলাসীপাৰা,১আগষ্ট : বিলাসীপাৰাত অঘটন। গৌৰাং নৈত জাপ দি সন্ধানহীন এগৰাকী ছাত্ৰ । বুধবাৰে নিশা বানিয়াপাৰা অৱস্থিত গৌৰাং নৈৰ দলঙৰ ওপৰৰ পৰা জাপ দিয়ে ছাত্ৰই।

সন্ধানহীন ছাত্ৰজন টোকৰাবান্ধা গাঁৱৰ বাসিন্দা নিৰেশ ৰায়ৰ পুত্ৰ ইন্দ্ৰনিল ৰায় (১৭)বুলি জানিব পৰা গৈছে। ছাত্ৰজন ইন্দ্ৰনিল ৰায়ে বিলাসীপাৰা শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ একাদশ শ্ৰেণীৰ ছাত্ৰ আছিল।

বৃহস্পতিবাৰে পুৱাই যুৱক জনক বিচাৰি নৈত বিলাসীপাৰা আৰক্ষী দলৰ লগতে SDRF ৰ বাহিনীৰ দল অভিযান আৰম্ভ কৰে যদিও বৰ্তমানলৈ কোনো সন্ধান উলিওৱা পৰা নাই( 17-Year-Old student missing after jumping into Gaurang River) ।

ঘটনাকলৈ সমগ্ৰ বিলাসীপাৰা অঞ্চলত শোকৰ ছাঁ বিৰাজ পৰিছে।

লগতে পঢ়ক : Opposition MPs create uproar over flooding in new Parliament building : উদ্বোধনৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পাছতেই নতুন সংসদ ভৱনৰ ছাদৰ পৰা হোৰাহোৰে পৰিছে বৰষুণৰ পানী