17 year old girl went missing : মহানগৰীৰ ৰূপনগৰৰ পৰা নিৰুদ্দেশ কিশোৰী

নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰী : পুনৰ মহানগৰীৰ পৰা নিৰুদ্দেশ কিশোৰী(17 year old girl went missing) ।
ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা । ধাৰাবাহিকভাৱে সংবাদ মাধ্যমত শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই ৰাজ্য জোকাৰি গৈছে । এইবাৰ মহানগৰীৰ ৰূপনগৰৰ পৰা নিৰুদ্দেশ কিশোৰী(17 year old girl went missing from Rupnagar in guwahati)।
জানিব পৰা মতে, ৰূপনগৰ হৰিজন কলনীৰ পৰা নিৰুদ্দেশ শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে কিশোৰীগৰাকী। সন্ধানহীন কিশোৰীগৰাকীৰ বয়স ১৭ বছৰ।
ইতিমধ্য়ে ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষী থানাত এজাহৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।
উল্লেখ্য য়ে, বিগত সপ্তাহত ৰাজ্যত পোহৰলৈ আহিছিল এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনা।বৰ্তমানলৈ পোহৰলৈ আহিছে ১০গৰাকীকৈ কিশোৰী নিৰুদ্দেশৰ ঘটনা।
গুৱাহাটীৰ নুনমাটিৰ পৰা ৩গৰাকীকৈ, যোৰহাটৰ পৰা ২গৰাকী আৰু মৰিয়নীৰ পৰা ৫গৰাকী কিশোৰী নিৰুদ্দেশ হৈছিল। ইয়াৰে ৮গৰাকীক উদ্ধাৰৰ বিপৰীতে এতিয়াও নিখোজ হৈ আছে মৰিয়নীৰ আন দুগৰাকী কিশোৰী। এটাৰ পিছত আনটো কিশোৰী নিৰুদ্দেশৰ ঘটনা পোহৰলৈ অহাৰ পিছতে চিন্তিত হৈ পৰিছে প্ৰতিগৰাকী অৱিভাৱক।