Samruddhi Expressway accident : এক্সপ্ৰেছৱে নিৰ্মাণৰ ক্ৰেন ভাঙি ১৭ জন শ্ৰমিকৰ মৃত্যু, ৩ আহত

নেশ্যনেল ডেস্ক, ১ আগষ্ট : মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা (Samruddhi Expressway accident)। শ্বাহাপুৰ তালুকত ৬ লেনযুক্ত মুম্বাই নাগপুৰ সমৃদ্ধি ঘাইপথৰ অন্তিম পৰ্যায়ৰ কাম চলি থকাৰ সময়তে সংঘটিত হ’ল অঘটন । মহাৰাষ্ট্ৰৰ থানে জিলাত তৃতীয় পৰ্যায়ৰ সমৰুদ্ধি এক্সপ্ৰেছৱে নিৰ্মাণৰ সময়ত দলঙৰ ফলকত ক্ৰেন ভাঙি কমেও ১৭ জন শ্ৰমিকৰ মৃত্যু হয় আৰু আন তিনিজন শ্ৰমিক আহত হয়(17 Killed 3 Injured In Crane Accident At Thane Expressway Site)।
সোমবাৰে নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই ঘটনা (Samruddhi Expressway accident) । মহাৰাষ্ট্ৰৰ থানে জিলাত সমৃদ্ধি এক্সপ্ৰেছৱেৰ তৃতীয় পৰ্যায়ৰ নিৰ্মাণৰ সময়ত এটা গাৰ্ডাৰ মেচিন বাগৰি পৰে । ইয়াৰ ফলত কমেও ১৭ জন শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । গুৰুতৰভাৱে আহত আন কেইবাজনো শ্ৰমিক । উদ্ধাৰ অভিযান অব্যাহত ।
দুৰ্ঘটনাটোৰ কিছু সময়ৰ পিছতে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহ উদ্ধাৰ অভিযানৰ বাবে নিয়োগ কৰা হয় । আহত শ্ৰমিক তিনিজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।
তথ্য অনুসৰি, দুৰ্ঘটনা সংঘটিত কৰা ক্ৰেনখন দলং নিৰ্মাণত ব্যৱহাৰ কৰা এক বিশেষ মেচিন । ইফালে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াসকলে সেই স্থানত উপস্থিত হয় । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দুটা দল উদ্ধাৰ অভিযানৰ বাবে মোতায়েন কৰা হয় ।
উল্লেখ্য যে, শ্বাহাপুৰ তালুকাৰ মুম্বাই-নাছিক ঘাইপথৰ পৰা ৫-৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত সৰলাম্বে গাঁৱৰ সীমাত চলি আছে সমৃদ্ধি ঘাইপথ নিৰ্মাণৰ কাম । এই স্থানত সোমবাৰে নিশা প্ৰায় ১১ বজাত প্ৰায় ২০ জন শ্ৰমিকসহ ৯ জন অভিযন্তাৰ উপস্থিতিত কাম কৰি আছিল । কিন্তু হঠাতে গাৰ্ডাৰত কাম কৰি থকা শ্ৰমিকসকল গাৰ্ডাৰ ভাঙি তললৈ পৰে । ফলত ইয়াৰ তলত চেপা খাই পৰে প্ৰায় ২০ জন শ্ৰমিক । ইয়াৰে ১৭ জনৰ মৃত্যু হয় । আনহাতে সংকটজনক অৱস্থাত ৩ জন লোকক চিকিত্সালয়লৈ লৈ যোৱা হয় ।
বৰ্তমানেও ৪/৫ জন শ্ৰমিক গাৰ্ডাৰৰ তলত আৱদ্ধ হৈ থকা আশংকা কৰা হৈছে । উদ্ধাৰ অভিযান অব্যাহত আছে । আৰক্ষী প্ৰশাসন আৰু প্ৰশাসনিক বিষয়া উক্ত স্থানত উপস্থিত হোৱাৰ লগতে ১৪ জন শ্ৰমিকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিত্সালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । মহাৰাষ্ট্ৰ ৰাজ্যিক পথ উন্নয়ন নিগমৰ অধীনত অব্যাহত আছিল এই প্ৰকল্প নিৰ্মাণৰ কাম ।
উল্লেখ্য যে নিৰ্মাণকাৰ্যৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হোৱা ঘাইপথটোৰ নাম ৰখা হৈছিল ‘হিন্দু হৃদয়সম্ৰাট বালাছাহেব থাকৰে মহাৰাষ্ট্ৰ সমৃদ্ধি মহামাৰ্গ’। মুম্বাই আৰু নাগপুৰ সংযোগী এই এক্সপ্ৰেছৱে ৭০১ কিলোমিটাৰ দৈৰ্ঘ্যৰ। এই এক্সপ্ৰেছৱেৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে । এই এক্সপ্ৰেছৱে নাগপুৰ, ৱাছিম, ৱৰ্ধা, আহমেদনগৰ, বুলধনা, ঔৰংগাবাদ, আমৰাৱতী, জালনা, নাচিক আৰু থানেকে ধৰি ১০খন জিলাৰ ওপৰেৰে পাৰ হৈ যায়।
৫২০ কিলোমিটাৰ দৈৰ্ঘৰ নাগপুৰ আৰু শিৰডী সংযোগী সমৃদ্ধি মহামাৰ্গৰ প্ৰথম পৰ্যায়ৰ ঘাইপথটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ১১ ডিচেম্বৰত উদ্বোধন কৰিছিল । ইয়াৰ পূৰ্বে যোৱা মে’ মাহত মুখ্যমন্ত্ৰী একনাথ ছিণ্ডে কৈছিল যে চলিত বৰ্ষৰ ডিচেম্বৰৰ শেষৰ ফালে এক্সপ্ৰেছৱেৰ তৃতীয় আৰু অন্তিম পৰ্যায়ৰ কাম সম্পূৰ্ণ হ’ব। বৰ্তমান থানেত তৃতীয় পৰ্যায়ৰ কাম চলি আছিল।
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে শ্বাহাপুৰ দুৰ্ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়া হৈছে । উপ-মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ‘শ্ৰমিকসকলৰ মৃত্যু অতি দুখজনক আৰু হৃদয় বিদাৰক। তেওঁলোকৰ প্ৰতি আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছো আৰু তেওঁলোকৰ পৰিয়ালৰ দুখত আমিও ভাগ লওঁ। এই দুৰ্ঘটনাত ৩ শ্ৰমিক আহত হয় । চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । তেওঁলোকৰ আশু আৰোগ্যৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।’
আনহাতে মহাৰাষ্ট্ৰৰ শ্বাহাপুৰৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী সাহাৰ্য পূজিৰ পৰা (PMNRF) ২ লাখ টকা প্ৰতিজন মৃতকৰ পৰিয়াললৈ প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে । আনহাতে আহতসকলক ৫০ টকাকৈ সাহাৰ্য ঘোষণা ।
লগতে পঢ়ক : Chennai Encounter : আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাওঁতেই গুলীয়াই হত্যা দুই অপৰাধী