Local, Vocal, Global

Watch|16 FIRs against TAIPA in Assam: TAIPA ৰ বিৰুদ্ধে মুছলপুৰ সদৰ থানাত ১৬খন এজাহৰ দাখিল

গুৱাহাটী: কালি সোণাৰি নগৰৰ মাজ মজিয়াত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপা নামৰ সংগঠনটোৰ কেইজনমান কর্মকর্তাই প্ৰতিবাদৰ নামত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতীক চিহ্ন আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰাৰ উপৰিও টাইপাৰ কৰ্মকৰ্তাসকলে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘক ভাবুকি প্ৰদান কৰাৰ অভিযোগ উথাপিত হৈছে৷ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আদৰ্শৰ ভেটিত প্ৰস্তুত কৰা সংবিধান দাহ কৰি টাইপা নামৰ সংগঠনটোৱে গুৰুজনাক অপমান কৰাৰ উপৰিও আইনৰ দৃষ্টিত গুৰুতৰ অপৰাধ সংঘটিত কৰিছে। ইয়াকে লৈ ৰাজ্যজুৰি সৰৱ হোৱা পৰিলক্ষিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ । টাইপা নামৰ সংগঠনটোৰ সদস্যসকলৰ এনে অপকৰ্মৰ বিৰুদ্ধে ইতিমধ্যে শ্রীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰতিখন জিলা শাখা, আঞ্চলিক শাখা আৰু প্রাথমিক শাখাৰ তৰফৰ পৰা নিজ নিজ এলেকাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা পৰিলক্ষিত হৈছে ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বাক্সা জিলা শাখাইও টাইপাৰ এই দুষ্কাৰ্যৰ বিৰুদ্ধে আজি মুছলপুৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ শক্তি প্ৰয়োগ নকৰি ভক্তিভাৱেৰে উচিত ন্যায় বিচাৰিছে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বাক্সা জিলা শাখাই ।