Local, Vocal, Global

Manipur Violence : মহিলাৰ নেতৃত্বত ১৫০০ সশস্ত্ৰ বিক্ষোভকাৰীয়ে সেনাক ঘেৰাও ; মোকলাই নিলে ১২ জন উগ্ৰপন্থীক

নেশ্যনেল ডেস্ক, ২৫ জুন : প্ৰায় এমাহ অধিক সময় ধৰি বিক্ষোভত জ্বলি আছে মণিপুৰ(Manipur Violence) । জনজাতিৰ সংৰক্ষণক লৈ মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘাত চলিয়ে আছে মণিপুৰত(Manipur Violence) । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সেনা, অসম ৰাইফলছ বাহিনী মোতায়েন কৰা হৈছে ।

মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ভাৰতীয় সেনাই । ইয়াৰ মাজতে মহিলা আৰু স্থানীয় লোকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই সেনাই মুকলি কৰি দিলে ১২ উগ্ৰপন্থীক(1500-strong mob led by women forces army to release 12 militants)

। এক অভিযানত সেনাই আটক কৰিছিল নিষিদ্ধ সংগঠন কেৱাইকেএলৰ কেডাৰকেইজনক ।

তাৰ মাজতে, শনিবাৰে মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে সৰ্বদলীয় বৈঠকত বহিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যখনৰ অশান্তিৰ সন্দৰ্ভত কেন্দ্ৰই বৈঠকত মিলিত হোৱাৰ সমান্তৰালকৈ মণিপুৰত চৰম অৰাজকতাৰ ছবি ধৰা পৰিছে ।

এইবাৰ সশস্ত্ৰ বিক্ষোভকাৰীয়ে সেনাক ঘেৰাও কৰি ১২ জন আটকাধীন বিদ্ৰোহীক মোকলাই লৈ যায় । সেনাৰ সূত্ৰ অনুসৰি বিক্ষোভকাৰী দলটোৰ নেতৃত্বত আছিল একাংশ মহিলা । তথ্য অনুসৰি, শনিবাৰে মণিপুৰৰ কংলেই য়াওল কান্না লুপ বিদ্ৰোহী গোটৰ ১২ জনক আটক কৰা হয় । কিন্তু হঠাত্‍ প্ৰায় ১৫০০ জনীয়া এটা দলে সেনাবাহিনীক ঘেৰাও কৰি ধৰে । মহিলাসকলে আটকাধীন উগ্ৰপন্থীসকলৰ মুক্তিৰ দাবী জনায় । মহিলাসকলৰ এই হেঁচাত ভাৰতীয় সেনাই কোনো ধৰণৰ আক্ৰমণাত্মক পদক্ষেপ গ্ৰহণ নকৰি সন্দেহজনক উগ্ৰপন্থীকেইজনক মুকলি কৰি দিয়ে ।

তথ্য অনুসৰি, গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি শনিবাৰে পুৱা পূব ইম্ফলৰ ইথাম গাঁৱত নিৰ্দিষ্ট চোৰাংচোৱা তথ্যৰ ভিত্তিত এক অভিযান আৰম্ভ কৰা হয় । সাধাৰণ জনতাৰ যাতে সমস্যা নহয়, তাৰবাবে কিছুমান বিশেষ স্থানত তালাচী অভিযান চলোৱা হয় । এই অভিযানত মুঠ ১২ জন কে ৱাই কে এল দুষ্কৃতিকাৰীক অস্ত্ৰসহ আটক কৰা হয়। আনহাতে মহিলা আৰু স্থানীয় নেতাৰ নেতৃত্বত প্ৰায় ১২০০ ৰ পৰা ১৫০০ গৰাকী লোক ৰাজপথলৈ ওলাই আহে আৰু সেনাক ঘেৰি ধৰে । জনতাৰ এনে আক্ৰমণাত্মক ৰূপ দেখি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয় আৰু স্থানীয় লোকৰ দাবী অনুসৰি সেনাই উক্ত ১২ জন উগ্ৰপন্থীক মুকলি কৰি দিয়ে (12 KYKL militants released)।

প্ৰেছ বিজ্ঞপ্তি অনুসৰি আটকধীন উগ্ৰপন্থী কেইজনৰ ভিতৰত আছিল কেৱাইকেএলৰ স্বঘোষিত লেফটেনেণ্ট কৰ্ণেল মইৰাংথেম তাম্বা ওৰফে উত্তম । তেওঁ ২০১৫ চনত ৬ষ্ঠ ডোগ্ৰা বেটেলিয়নত হোৱা আক্ৰমণৰ মাষ্টাৰ মাইণ্ড আছিল বুলি সন্দেহ কৰা হয় । অপাৰেশ্যনেল কমাণ্ডাৰৰ ফালৰ পৰা এক পৰিপক্ক সিদ্ধান্তই ভাৰতীয় সেনাৰ মানৱীয় দৃষ্টিভংগী প্ৰদৰ্শন কৰিছে ।

মণিপুৰত চলি থকা অস্থিৰতাৰ সময়ত ভাৰতীয় সেনাই যিকোনো দুৰ্ঘটনাজনিত ক্ষতি পৰিহাৰ কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে । ভাৰতীয় সেনাই মণিপুৰৰ জনসাধাৰণক শান্তি আৰু স্থিৰতা অনাৰ বাবে নিৰাপত্তা বাহিনীক সহায় কৰিবলৈও আহ্বান জনাইছে ।

লগতে পঢ়ক : Train accident in West Bengal : দুখন মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ