Local, Vocal, Global

15 year boy missing from Chapar : চাপৰৰ চৰ ঘুনিমাৰীৰ পৰা নিৰুদ্দেশ ১৫ বছৰীয়া কিশোৰ

চাপৰ,২২ছেপ্তেম্বৰ : ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা। ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা।ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই।এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য(15 year boy missing from Chapar)।

এইবাৰ চাপৰৰ চৰ ঘুনিমাৰীৰ পৰা নিৰুদ্দেশ ১৫ বছৰীয়া কিশোৰ।

জানিব পৰা মতে,যোৱা এমাহ পূৰ্বে নিজ ঘৰৰ পৰা নদীৰ পাৰলৈ বুলি ওলাই গৈছিল শিশুটি।তাৰ পিছৰে পৰা ঘৰলৈ ওভতি নাহিল ।

পৰিয়ালৰ লোকে ঘৰলৈ বুলি ওভতি নহাত বিচাৰ খোচৰ কৰে যদিও কোনো ধৰণৰ সন্ধান নাই কিশোৰজনৰ।উপাইহীন হৈ বঙাইগাঁও জিলাৰ ঔডুবী থানাৰ কাষ চাপে পৰিয়ালৰ লোকে। কিন্তু বিগত ১ মাহ কোনো সুংসূত্ৰ নাপাই অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপে পৰিয়ালৰ লোকে।

নিৰুদ্দেশ হোৱা কিশোৰজন চৰ ঘুণিমাৰী নিবাসী আবুল কালাম মণ্ডল আৰু মনিৰা বেগমৰ পুত্ৰ ১৫ বছৰীয়া ৰশিদুল ইছলাম বুলি জানিব পৰা গৈছে।

যদি কোনো সদাশয় ব্যক্তিয়ে নিৰুদ্দেশ হোৱা শিশুটিৰ সন্ধান লাভ কৰে তেন্তে এই 7099519498 , 8876225211 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় পৰিয়ালৰ লোকে।

লগতে পঢ়ক:Two Men from Assam Set Out on Foot for Ayodhya : অসমীয়াৰ স্বাভিমান গামোচাত ‘জয় আই অসম’ লিখি অযোধ্যালৈ পদযাত্ৰা ২ মিচিং যুৱকৰ