15 Suspected Drug Smugglers killed in Clash : ম্যানমাৰ সীমান্তৰ সমীপত গুলীচালনাৰ ঘটনা
নেশ্যনেল ডেস্ক, ১৮ডিচেম্বৰ : নিহত ১৫গৰাকীকৈ সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰী । সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰী পৰা জব্দ প্ৰায় ২০ লাখৰ অধিক নিচাযুক্ত টেবলেট(15 Suspected Drug Smugglers killed in Clash) ।
ম্যানমাৰ সীমান্তৰ সমীপত সংঘটিত হৈছে এক গুলীচালনাৰ ঘটনা । শনিবাৰে নিশা সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনাটো(15 suspected drug smugglers killed in clash with Thai soldiers near Myanmar border) ।
প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ থাইলেণ্ডত ম্যানমাৰ সীমান্তৰ সমীপত থাইলেণ্ডৰ সেনাৰ সৈতে গুলীচালনাৰ ঘটনা সংঘটিত হয় । এই গুলীচালনাৰ ফলত পোন্ধৰটা সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰী নিহত হয় ৷ জানিব পৰা মতে, নিহত ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা থাইলেণ্ড সেনাই প্ৰায় ২০ লাখ নিচাযুক্ত টেবলেট জব্দ কৰে ৷
থাইলেণ্ডৰ সেনা বিষয়াই জনোৱা অনুসৰি, মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব’ৰ্ডৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত সচিব প্ৰধান ফানুৰাট লুকবুনৰ পৰা তেওঁলোকে ‘চিয়াং ৰায়’ প্ৰদেশৰ সীমান্তৰ ওচৰত সন্দেহজনক কাৰ্যকলাপ সংঘটিত হোৱাৰ তথ্য লাভ কৰে ৷
ফানুৰাটে জনোৱা অনুসৰি , প্ৰায় ২০ জনীয়া এটা দলক সেনা বিষয়াসকলে অঞ্চলটোত বেগত কোনো সামগ্ৰী কঢ়িয়াই অনা অৱস্থাত লক্ষ্য কৰে ৷ সেনাৰ দলটোৱে সন্দেহযুক্ত লোককেইজনৰ বেগসমূহ পৰীক্ষণ কৰিব বিচৰাত লোককেইজনে সেনাৰ দলটোৰ ওপৰত গুলীচালনা কৰে ৷ প্ৰত্যুত্তৰ সেনাৰ দলটোৱেও গুলীচালনা কৰে ৷ প্ৰায় ১৫ মিনিট ধৰি গুলীচালনা চলিছিল । এই সংঘৰ্ষৰ ফলত পোন্ধৰটা সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰী নিহত হয় ৷ আনহাতে এই গুলীয়াগুলীৰ সময়তে ৫ টা সৰবৰাহকাৰী পলায়ন কৰে(15 drug smugglers killed in clash with Thai soldiers near Myanmar border, say officials) ৷
উল্লেখ্য যে, সেনা বিষয়াৰ এই অভিযানত দলটোৱে সন্দেহযুক্ত চোৰাংচোৱাকেইটাৰ পৰা সাৰৰ বস্তাৰ পৰা তৈয়াৰী সোতৰটা বেগ উদ্ধাৰ কৰাৰ লগতে বেগবোৰৰ ভিতৰত ২০ লাখৰো অধিক নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে ৷ এই ড্ৰাগছৰ উৎপত্তি চিনাক্তকৰণৰ বাবে বিষয়াসকলে এতিয়াও কাম কৰি আছে ।