Local, Vocal, Global

Tragic UP accident : তীৰ্থযাত্ৰী বাহন সোমাল দ খালত, শিশুসহ মৃত্যু ১৫ জনকৈ লোকৰ

নেশ্যনেল ডেস্ক, ২৪ ফেব্ৰুৱাৰী : এক মৰ্মান্তিক দুৰ্ঘটনা । যাত্ৰীবাহী ট্ৰেক্টৰ ট্ৰলি বাহন সোমাল দ’ খালত ফলত নিহত শিশুসহ ১৫জনকৈ লোকৰ( 15 Including 7 Children Killed During Road Accident In Kasganj) ।

উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । শনিবাৰে উত্তৰ প্ৰদেশৰ কাছগঞ্জত এখন যাত্ৰীবাহী ট্ৰেক্টৰ ট্ৰলি বাহন সোমাই যায় দ খালত(Tragic UP accident) ।

জানিব পৰা মতে,যাত্ৰীবাহী বাহনখন কাদৰগঞ্জলৈ তীৰ্থযাত্ৰা কৰিবলৈ গৈ থকাৰ সময়তে এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।

এই ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গভীৰ শোক প্ৰকাশ কৰে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ঘোষণা অনুসৰি,এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে ২ লাখ টকা ক্ষতিপূৰণ দিয়াৰ লগতে আহতসকলৰ বাবে ৫০ হাজাৰকৈ টকাৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে।

বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক : Priyanka Gandhi joins brother Rahul Gandhi for Bharat Jodo Nyay Yatra in UP : উত্তৰ প্ৰদেশত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত যোগ দিলে প্ৰিয়ংকা গান্ধীয়ে