Local, Vocal, Global

15 fishermen released from Sri Lankan prison : শ্ৰীলংকাত বন্দী হৈ থকা ভাৰতীয় মাছমৰীয়াক মুকলি

নেশ্যনেল ডেস্ক, ২১ নৱেম্বৰ : শ্ৰীলংকাত বন্দী হৈ থকা ভাৰতীয় মাছমৰীয়াক মুকলি । মঙ্গলবাৰে মুকলি কৰি দিয়ে শ্ৰীলংকাই(15 fishermen released from Sri Lankan prison) ।

শ্ৰীলংকাৰ জেলত বন্দী হৈ থকা ভাৰতৰ ১৫ গৰাকীকৈ মাছমৰীয়াক মুকলি । মঙ্গলবাৰে পুৱা মাছমৰীয়াকেইজন শ্ৰীলংকাৰ পৰা আহি চেন্নাইৰ বিমান বন্দৰত উপস্থিত হয়। বিমান বন্দৰত তেওঁলোকক ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলে স্বাগতম জনায়। ইয়াৰ পাছতে আটাইকেইজন মাছমৰীয়াই পথেৰে ৰামেশ্বৰমলৈ ৰাওনা হৈছে(15 Tamil Nadu fishermen reached Chennai after being released from Sri Lanka)।

উল্লেখ্য যে,চলিত মাহৰ ১৪ নৱেম্বৰত সাগৰত মাছ মাৰিবলৈ যোৱা সময়ত ১৫ গৰাকী মাছমৰীয়া শ্ৰীলংকাৰ নৌসেনাৰ হাতত গ্ৰেপ্তাৰ হৈছিল। তেওঁলোকে দুখন যান্ত্ৰিক নাৱত মাছ মাৰিবলৈ গৈ শ্ৰীলংকাৰ নিয়ন্ত্ৰণাধীন সাগৰ অঞ্চলত প্ৰৱেশ কৰে। ইয়াৰ পাছতে তেওঁলোকক আটক কৰিছিল শ্ৰীলংকাৰ নৌসেনাই(15 Indian fishermen, released from Sri Lankan prison, reach Chennai airport) ।

অৱশেষত আজি ভাৰত চৰকাৰৰ পৃষ্ঠপোষকতাত তেওঁলোকক পুনৰ ঘূৰাই আনিবলৈ সক্ষম হৈছে। মাছমৰীয়াসকল ভাৰতলৈ উভতি অহাৰ লগে লগে মাছমৰীয়াক এটা প্ৰতিনিধি দলে সীতাৰমণক তেওঁৰ হস্তক্ষেপৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।সীতাৰমণে মাছমৰীয়া পৰিয়ালক আশ্বস্ত কৰে যে নৰেন্দ্ৰ মোদীৰ অধীনত থকা চৰকাৰে, সদায় তামিলসকলৰ স্বাৰ্থক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আহিছে।

খবৰ অনুসৰি, ১৮ নৱেম্বৰমত মাছমৰীয়াসকলৰ লগত এখন বৈঠকত উপস্থিত হৈ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এই মাছমৰীয়াসকলক মুকলি কৰি দিয়াৰ বাবে অনুৰোধ জনাইছিল। তাৰোপৰি তেওঁ বৈদেশিক সচীব আৰু শ্ৰীলংকাস্থিত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে এই মাছমৰীয়াসকলক উদ্ধাৰৰ বাবে সকলো প্ৰচেষ্টা চলাবলৈ আহ্বান জনাইছিল লগতে বিত্তমন্ত্ৰীগৰাকীয়ে শ্ৰীলংকাত বৈদেশিক সচিব আৰু ভাৰতীয় উচ্চায়ুক্তৰ সৈতে বাৰ্তালাপ কৰে । এনে প্ৰচেষ্টাৰ পাছতে তেওঁলোক ভাৰতলৈ ঘূৰি আহিবলৈ সক্ষম হয়।

লগতে পঢ়ক : Carcass of Elephant Calf Recovered : পুনৰ ৰাজ্যত বন্যহস্তীৰ কৰুণ মৃত্যু