Local, Vocal, Global

Assam Flood : বানৰ কৱলত অসমৰ ১৫ খন জিলা , মৃত্যুৰ সংখ্যা ৩ জনলৈ বৃদ্ধি

নিউজ ডেস্ক, ২৫ জুন : মুষলধাৰ বৰষুণ আৰু বানপানীৰ ফলত অসমত গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি হৈছে(Assam Flood) ৷ শনিবাৰে বানৰ ফলত মৃত্যু হয় এজন লোকৰ ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে উল্লেখ কৰা অনুসৰি নিহত লোকজন নলবাৰীৰ বুলি জানিব পৰা গৈছে(Assam Flood) ৷ ইফালে মানস, পগলাদিয়া, পুথিমাৰী নৈৰ জলস্তৰ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বিপদসীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ ৷

বছৰৰ প্ৰথমটো বানত ৰাজ্যত ৩ গৰাকী লোকৰ মৃত্যু

বিগত কিছুদিন ধৰি ৰাজ্যত হৈ থকা মুষলধাৰ বৰষুণৰ ফলত বানে লৈছে সংহাৰী ৰূপ ৷ বানৰ কৱলত পৰি এতিয়া দিশহাৰা হৈছে বহু লোক ৷

তথ্য অনুসৰি শনিবাৰে ৰাজ্যখনত পুনৰ বানত এজন লোকৰ মৃত্যু হয় ৷ ইয়াৰ লগতে অসমৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি পাইছে ৷ শেহতীয়াকৈ ৰাজ্যখনত বানত ৪০৭৭৭১ জন লোক প্ৰভাৱাম্বিত হৈছে ৷ ইয়াৰে ভিতৰত ১৮৭১১৪ জন পুৰুষ, ১৬৭৫৩৮ গৰাকী মহিলা আৰু ৫৩১১৯ টা শিশু বুলি জানিব পৰা গৈছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগে শনিবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এই বানত ৰাজ্যখনৰ ১৫ খন জিলাৰ ৪২ টা ৰাজহ চক্ৰৰ ১১১৮ খন গাঁও প্ৰভাৱিত হৈছে (15 districts of Assam under floods)। ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি আনকি বানৰ ফলত ৮৪৬৯.৫৬ হেক্টৰ কৃষিভূমি নষ্ট হৈছে ৷ সম্প্ৰতি বানৰ কৱলত থকা জিলা কেইখন ক্ৰমে – বজালী, বাক্সা, বৰপেটা, চিৰাং, দৰং, ধুবুৰী, ডিব্ৰুগড়, গোৱালপাৰা, গোলাঘাট, যোৰহাট, কামৰূপ, লখিমপুৰ, নগাঁও, নলবাৰী আৰু তামুলপুৰ জিলা ৷

ইফালে বানাক্ৰান্ত লোকৰ সাহাৰ্যাৰ্থে চৰকাৰে মুঠ ২২০ টা সাহায্য শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰা হৈছে ৷ ইয়াৰ ভিতৰত ১০১ টা সাহায্য শিবিৰ আৰু ১১৯ টা হৈছে সাহায্য বিতৰণ কেন্দ্ৰ । শিবিৰসমূহত বৰ্তমান বহু লোকে আশ্ৰয় গ্ৰহণ লৈ আছে ৷

লগতে পঢ়ক : Assam Cabinet : ৰাজ্যিক কেবিনেটত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল কেবিনেটত ?