Minor girl allegedly raped: জ্বলি থকা অৱস্থাত উদ্ধাৰ ১৪ বছৰীয়া কিশোৰীৰ মৃতদেহৰ অংশ
নেশ্যনেল ডেস্ক, ৩আগষ্ট : পুনৰ আন এক নৃশংসকাণ্ড। এইবাৰ পোহৰলৈ আহিছে এক নৃশংস হত্য়াকাণ্ডৰ ঘটনা । ৰাজস্থানত ৰ ভীলৱাৰাত অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ ১৪ বছৰীয়া কিশোৰীৰ মৃতদহৰ অংশ(14 Year Olds Burnt Body Found In Rajasthan Brick Kiln) । এই নৃশংসকাণ্ডক লৈ এতিয়া সৃষ্টি হৈছে চাঞ্চল্যৰ ।
জানিব পৰা মতে, বুধবাৰে ভুক্তভোগী কিশোৰীগৰাকী মাকৰ সৈতে ছাগলী চৰিবলৈ গৈছিল । কিন্তু ছাগলী চৰাবলৈ গৈ মাকৰ পৰা বিচ্ছিন্ন হয়। বহুসময়ৰ কিশোৰীগৰাকীক পৰিয়ালৰ লোকে বিচাৰ খোচৰ কৰে যদিও কোনো সম্ভেদ নাপায় । পৰৱৰ্তি সময়ত আৰক্ষীৰ ওচৰত গৈ নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাৰ অভিযোগ কৰে আৰু তদন্ত লেহেমীয়া কৰে(Minor girl allegedly raped)।পৰিয়ালৰ লোকে বহু অপেক্ষা কৰে আৰু যেতিয়া তাই ঘূৰি নাহে তেতিয়া তাইৰ পৰিয়াল আৰু গাঁৱৰ মানুহে তাইক বিচাৰিবলৈ বিয়পি পৰিল আৰু গোটেই ৰাতি বিচাৰি ফুৰে যদি কিশোৰীগৰাকীৰ কোনো সম্বোধ নাপায় আৰু বৃহস্পতিবাৰে পুৱাৰ ভাগত কিশোৰীগৰাকীৰ ঘৰৰ ওচৰৰ পথাৰ এখনত ইটাৰ ভঁৰালত তাইৰ অৱশিষ্ট পায়। আৰক্ষীয়ে জ্বলি থকা অৱশিষ্টখিনিত হাড়, ৰূপৰ গোৰোহা আৰু জোতা উদ্ধাৰ কৰে(Minor Girls Burnt Body Found In Rajasthan Brick Kiln)।
আৰক্ষীয়ে সন্দেহ কৰিছে যে কিশোৰীগৰাকীক হত্যাৰ পূৰ্বে দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহৰ অৱশেষ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্য়ে প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব আচলতে কেনেকৈ হত্যা কৰা হৈছিল কিশোৰীগৰাকীক। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে( Police Suspect Rape Villagers Demand Justice)। ঘটনাস্থলীত ধৰা পৰা তিনিজন লোকক এই হত্যাকাণ্ডৰ সন্দেহত আৰক্ষীয়ে আটক কৰিছে(Minor girl allegedly raped body burnt in coal furnace) ।
এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু শ শ ক্ষুব্ধ গাঁওবাসীয়ে ঘটনাস্থলীত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰি ন্যায়ৰ গ্ৰেপ্তাৰৰ দাবী জনায়।
লগতে পঢ়ক :Jorabat Murder case : ৰাজ্যত আন এক নৃশংস হত্যাকাণ্ডৰ ঘটনা, যোৰাবাটত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ