Local, Vocal, Global

14 year old Goes Missing From Beltola : উৰুকাৰ দিনাই গুৱাহাটীৰ পৰা নিৰুদ্দেশ এগৰাকী সপ্তম শ্রেণীৰ ছাত্ৰী

নিউজ ডেস্ক, ১৫ জানুৱাৰী : ৰাজ্যজুৰি ভোগালী বিহুক লৈ আনন্দ উল্লাহ । ভোগালী বিহুৰ আনন্দ উল্লাহৰ মাজতে মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ।

গুৱাহাটী মহানগৰীত উৰুকাৰ দিনাই সন্ধানহীন এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী(14 year old Student From Beltola Missing) ।

জানিব পৰা মতে,বেলতলাৰ বাক্ৰাপাৰাৰ পৰা নিৱাসী আছিল সন্ধানহীন ছাত্ৰীগৰাকী । নিৰুদ্দিষ্ট ছাত্ৰীগৰাকীৰ নাম দীপিকা ৰাউট বুলি জানিব পৰা গৈছে। দেওবাৰে দিনৰে পৰা ছাত্ৰীগৰাকী সন্ধানহীন হৈ আছে। ১৪ বছৰীয়া কিশোৰীগৰাকী নিখোজৰ ঘটনাক লৈ বৰ্তমান অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে(Minor Girl Goes Missing From Guwahati)।

নিৰুদ্দিষ্ট দীপিকা ৰাউট চি কে একাডেমিৰ সপ্তম শ্রেণীৰ ছাত্ৰী আছিল। দীপিকাৰ পৰিয়ালে বশিষ্ঠ থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ তদন্তত ছাত্ৰীগৰাকীক শীঘ্ৰে উদ্ধাৰৰ আশা কৰিছে পৰিয়ালৰ লোকে। আচলতে, অপহৃত হৈছে নে ছাত্ৰীগৰাকী নিৰুদ্দিষ্ট হোৱাত আন কিবা ৰহস্য আছে সেয়া আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব। পৰিয়াল তথা স্থানীয় লোকে ছাত্ৰীগৰাকীৰ শীঘ্ৰেই সন্ধান উলিয়াব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

লগতে পঢ়ক : Road Accident : ভোগালী বিহুৰ আনন্দৰ উল্লাহৰ মাজতে দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা