Local, Vocal, Global

14 year old boy dies after falling into River : সমনীয়াৰ সৈতে নদীত গা ধুবলৈ গৈ মৃত্যু ছাত্ৰৰ

নিউজ ডেস্ক,২৫জুলাই : নদীৰ পৰি সলিল সমাধি ছাত্ৰৰ ।

ছিপাঝাৰত সংঘটিত হৈছে অঘটন।ছিপাঝাৰৰ শাকতোলা নদীত উটি গ’ল অষ্টম শ্ৰেণীৰ ছাত্ৰ। সন্ধানহীন বৰদৌলগুৰি কবেই চুবুৰীৰ ১৪ বছৰীয়া কিশোৰ নজৰুল ইছলাম বুলি জানিব পৰা গৈছে(14 year old boy dies after falling into River) ।

জানিব পৰা মতে, বুধবাৰে এজন সমনীয়াৰ সৈতে নদীত নামিছিল ছাত্ৰজনে। তাৰ পিছতে নদীৰ কোবাল সোঁতে উটুৱাই লৈ যায় ছাত্ৰজনক।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় ৰাইজে অনুসন্ধান কৰে যদিও ছাত্ৰজনক বিচাৰি নাপাই আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ছাত্ৰজনক বিচাৰি সন্ধান আৰম্ভ কৰে । বুধবাৰে এন্ধাৰ নামি অহাৰ বাবে SDRF বাহিনীয়ে সন্ধান অভিযান বন্ধ কৰে যদিও আজি পুৱাৰে পৰা ছাত্ৰজনৰ সন্ধানত পুনৰ SDRFৰ বাহিনীয়ে অভিযান আৰম্ভ কৰে ।

লগতে পঢ়ক :Sensational Incident : প্ৰথমে চোৰে লুটিলে সোণ-ৰূপৰ আ-অলংকাৰ, তাৰ পাছতে অচেতন মহিলাক উপৰ্যুপৰি বলাৎকাৰ