Local, Vocal, Global

Dergaon Road Accident : দেৰগাঁৱৰ দুৰ্ঘটনাত আহত ৪জনক GMCHত ভৰ্তি

নিউজ ডেস্ক, ৪ জানুৱাৰী : দেৰগাঁৱৰ শোকাৱহ পথ দুৰ্ঘটনাত আহত ৪জনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । বুধবাৰে নিশা উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৪জনকৈ লোকক । GMCHত ভৰ্তি কৰোৱা চাৰিওৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে(Dergaon Road Accident)।

বুধবাৰে নিশা প্ৰায় ১ বজাত আহত মৃদুল শইকীয়া, অৰূপ শইকীয়া, কুলুমণি শইকীয়া আৰু পূবালী শইকীয়াক GMCHত ভৰ্তি কৰোৱা হয় ।৭ বছৰীয়া পূবালীক প্ৰয়োজন হ’ব প্লাষ্টিক ছাৰ্জাৰীৰ।

ইফালে, JMCHত এতিয়াও চিকিৎসাধীন হৈ আছে ২৭জনকৈ লোক। ইয়াৰে ৩জনক ICUত ৰখা হৈছে। জি এম চি এইছৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা কৰি থকা হৈছে তেওঁলোকৰ।

উল্লেখ্য যে বুধবাৰে সংঘটিত হৈছিল এক মৰ্মান্তিক দুৰ্ঘটনা । ভয়ংকৰ পথ দুৰ্ঘটনাই কপাঁই গৈছিল ৰাজ্যবাসীক । বনভোজলৈ যোৱা বাছ এখন কয়লা ভৰ্তি ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হৈছিল ফলত আহত লগতে নিহত হৈছিল ১৪জনকৈ লোক । গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ গৈছিল ৪৫জনীয়া এটা দল। বগীবিলত বনভোজ খোৱাৰ কথা আছিল এই দলটোৱে। কিন্তু গন্তব্যস্থান গৈ পোৱাৰ পূৰ্বেই আদবাটতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাছখন(14 Of Dergaon Picnic Party Killed In Major Accident)) ।

লগতে পঢ়ক : Russian Missiles Hit Ukrainian Cities : ইউক্ৰেইনত আক্ৰমণ ৰাছিয়াৰ; ৫জন নিহত, আহত ১৩০জন