Road Accident : বনভোজলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত; শিশুসহ নিহত ১২জন

নিউজ ডেস্ক, ৩ জানুৱাৰী : এক মৰ্মান্তিক দুৰ্ঘটনা । বনভোজলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত । শিশুসহ নিহত ১৪জন । আহত বহুতো যাত্ৰী(Road Accident ) ।
বুধবাৰে পুৱাই দেৰগাঁৱৰ বালিজানত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । বনভোজলৈ যোৱা বাছৰ সৈতে মুখামুখি সংঘৰ্ষ এখন ট্ৰাকৰ । ফলত মৃত্যু ১৪জনকৈ লোকৰ। নিহতসকলৰ ভিতৰত আছে শিশু আৰু মহিলাও।
গোলাঘাটৰ আঠখেলীয়া ভৰলুৱা গাঁৱৰ পৰা তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ গৈছিল ৪৫জনীয়া এটা দল। বগীবিলত বনভোজ খোৱাৰ কথা আছিল এই দলটোৱে। কিন্তু গন্তব্যস্থান গৈ পোৱাৰ পূৰ্বেই আদবাটতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় বাছখন(14 Of Dergaon Picnic Party Killed In Major Accident)।
ঘন কুঁৱলীৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকসকল ওলাই আহি উদ্ধাৰ অভিযানত সহযোগ কৰে। পুৱা ৫ বজাত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে(14 killed, 27 injured as Bus Collides with Truck in Dergaon)।