Local, Vocal, Global

Delhi Weather : ৰাজধানী চহৰ দিল্লীত প্ৰচণ্ড কুঁৱলী; বিলম্বন ২৫খনকৈ ৰে’লৰ চলাচল

নেশ্যনেল ডেস্ক, ২৮ডিচেম্বৰ : ৰাজধানী চহৰ দিল্লীত বিলম্বন ২৫খনকৈ ৰে’লৰ চলাচল । বৃহস্পতিবাৰে পুৱা প্ৰচণ্ড কুঁৱলীৰ বাবে দিল্লীত বিলম্ব ৰে’লৰ চলাচল(Delhi Weather) ।

বৃহস্পতিবাৰে পুৱা ৰাজধানী চহৰ দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক ডাঠ কুঁৱলীৰে আৱৰি ধৰে আৰু কুঁৱলীৰ ফলত বহু অঞ্চলত দৃশ্যমানতা প্ৰায় শূন্যলৈ হ্ৰাস পোৱাৰ ফলত কেইবাখনো ৰে’ল আৰু বিমান চলাচলত দেৰি হয়।

দিল্লী বিমানবন্দৰৰ এফআইডিএছ ৰ মতে, “ঘন কুঁৱলীৰ বাবে দিল্লী বিমানবন্দৰত প্ৰায় ১৩৪খন বিমান, আগমন আৰু প্ৰস্থান উভয়তে প্ৰভাৱিত হৈছে।’ইফালে ভাৰতীয় ৰে’লৱেৰ তথ্য অনুসৰি প্ৰায় ২২খন ৰে’ল কুঁৱলীৰ বাবে দিল্লীত দেৰিকৈ চলে(In Delhi, 22 Trains & 134 Flights Delayed) ।

জানিব পৰা মতে, ডাঠ কুঁৱলীৰ বাবে প্ৰভাৱিত হোৱা ৰে’লসমূহৰ ভিতৰত আছে পুৰী-নতুন দিল্লী পুৰুষোত্তম এক্সপ্ৰেছ, হাওৰা-নতুন দিল্লী পূৰ্বা এক্সপ্ৰেছ, কানপুৰ-নতুন দিল্লী শ্ৰম শক্তি এক্সপ্ৰেছ, প্ৰয়াগৰাজ-নতুন দিল্লী হামচফৰ এক্সপ্ৰেছ আৰু বৈশালী-এছ এফ এক্সপ্ৰেছ(22 Trains, 134 Flights Delayed as Dense Fog Hits Visibility)।

উত্তৰ ৰে’লৱেৰ এজন জ্যেষ্ঠ বিষয়াই এই সন্দৰ্ভত কয়,বেছিভাগ ট্ৰেক খেতিপথাৰ, মুকলি এলেকাৰ হোৱাৰ বাবে নিশাৰ সময়ত ঘন কুঁৱলীত আৱৰি থাকে। তেওঁ কয়, ঠায়ে ঠায়ে দৃশ্যমানতা প্ৰায় শূন্য। সেয়েহে চালকসকলে সুৰক্ষাক অধিক অগ্ৰাধিকাৰ দিছে আৰু ৰে’লসমূহ পলম হৈছে। উল্লেখ্য যে, বুধবাৰেও দিল্লীত বহু কেইখন ৰে’লৰ চলাচলত বিলম্ব হোৱাৰ লগতে ১১০ খন বিমান চলাচলতো বিলম্ব হৈছিল। ইয়াৰোপৰি এই সময়ছোৱাত বৃদ্ধি পাইছে যথেষ্ট প্ৰদূষণ। ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে(134 flights, 22 trains hit as dense fog continues in Delhi, visibility near zero)।

বৃহস্পতিবাৰে পুৱা প্ৰায় ৫.৩০ বজালৈ হাৰিয়ানা, চণ্ডীগড়, দিল্লী, দক্ষিণ-পশ্চিম ৰাজস্থান আৰু উত্তৰ মধ্যপ্ৰদেশত ঘন কুঁৱলী দেখা যায় । দিল্লীৰ চফদাৰজুঙত পালামত ৫০ মিটাৰ আৰু ২৫ মিটাৰত দৃশ্যমানতা ৰেকৰ্ড কৰা হৈছিল।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে বৃহস্পতিবাৰে পঞ্জাৱ, হাৰিয়ানা, দিল্লী, উত্তৰ প্ৰদেশ, উত্তৰ ৰাজস্থান আৰু উত্তৰ মধ্যপ্ৰদেশত ঘন কুঁৱলীৰ বাবে পৰামৰ্শ জাৰি কৰে যে, “যিকোনো পৰিবহণৰ জৰিয়তে গাড়ী চলাওঁতে বা বাহিৰলৈ ওলাই যোৱাৰ সময়ত সাৱধান অৱলম্বন কৰিবলৈ আহ্বান জনাই । গাড়ী চলোৱাৰ সময়ত কুঁৱলীৰ লাইট ব্যৱহাৰ কৰিবলৈ কয় ।লগতে যাত্ৰাৰ সময়সূচীৰ বাবে বিমান সংস্থা, ৰে’লৱে আৰু ৰাজ্যিক পৰিবহণৰ সৈতে যোগাযোগ কৰিবলৈ কয় ।

লগতে পঢ়ক : PM Modi’s Ayodhya Visit On December 30 : ৩০ ডিচেম্বৰত অযোধ্যালৈ যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী