Local, Vocal, Global

প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব১৩১ তম ডুৰাণ্ড কাপ ফুটবল

নিউজ ডেক্স,১৬ জুলাই : এছিয়া মহাদেশৰ সম্মানীয় ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা এইবাৰ দেশৰ তিনিটা স্থানত অনুষ্ঠিত হব।

গুৱাহাটীৰ উপৰি ইম্ফল আৰু কলকাতাত হ’ব এইবাৰৰ ডুৰান্ড কাপ।দেশৰ অতি পুৰণি ডুৰান্ড কাপৰ ১৩১ সংখ্যক খেলৰ উদ্ধোধনী খেলখন ১৭ আগষ্টত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ই উদ্ধোধন কৰিব সম্মানীয় প্ৰতিযোগিতাখন। গুৱাহাটীৰ খেলত শক্তিশালী NEUFC, Services (G), Gokulam Kerela, Kerela Blasters, Odisha FC য়ে অংশ লব।

গুৱাহাটীৰ সৰু সজাইত মুঠ দহ খন লীগৰ খেল অনুষ্ঠিত হব । এই কথা সংবাদ মাধ্যমত প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ ক্ৰীড়া সঞ্চালক নিবেদন দাস পাটোৱাৰীয়ে।

ভাৰতীয় সেনা আৰু অসম চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত গুৱাহাটীত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হব ডুৰান্ড কাপৰ খেল।

মুখ্যমন্ত্ৰীয়ে ২১ জুলাইত ডুৰান্ড কাপৰ ওপৰত সংবাদ মাধ্যমক সম্বোধন কৰিব, উক্ত সংবাদ মেলত ভাৰতীয় সেনা বাহিনীৰ শীৰ্ষ বিষয়াও উপস্থিত থাকিব।