1317 kg of ganja seized in Assam’s Karimganj : কৰিমগঞ্জৰ চোৰাইবৰীত জব্দ ১৩১৭ কেজি গাঞ্জা ; আটক দুই সৰবৰাহকাৰী
নিউজ ডেস্ক, ৬ মাৰ্চ : পুনৰ কৰিমগঞ্জৰ চোৰাইবৰীত জব্দ বুজন পৰিমাণৰ গাঞ্জা । ত্ৰিপুৰাৰ পৰা হাৰিয়ানা অভিমুখী এখন ( পিবি ৬৫ এভি ৭৪৯৬ নম্বৰৰ) ৰবৰ ভৰ্তি ট্ৰাকৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি(1317 kg of ganja seized in Assam’s Karimganj, two held)।
জানিব পৰা মতে, চোৰাইবৰী আৰক্ষী তালাচী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰনব মিলিৰ নেতৃত্বত আৰক্ষীয়ে চলাই অভিযান । অভিযানত এখন ট্ৰাকৰ পৰা জব্দ কৰে গাঞ্জা ভৰ্তি ৪৪৯টা পেকেট লগতে আহত কৰে দুই সৰবৰাহকাৰীক। ৰবৰ বস্তাৰ ভিতৰত লুকুৱাই অনা হৈছিল হৈছিল গাঞ্জাৰ পেকেট কেইটা(Assam police seizes drugs worth over Rs 1 crore, arrests two in major bust)।
পেকেট কেইটাৰ পৰা আৰক্ষীয়ে মুঠ ১৩১৭ কেজি গাঞ্জা জব্দ কৰে । জব্দ কৰা গাঞ্জা খিনিৰ মুল্য প্ৰায় তিনি কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে(1317 kg of ganja seized in Assam’s Karimganj, two held)।
খবৰ অনুসৰি গাঞ্জা খিনি ত্ৰিপুৰাৰ পৰা অসমৰ মাজেৰে হাৰিয়ানালৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ট্ৰাকৰ চালক আৰু সহ চালকে। আৰক্ষীয়ে আটক কৰা ট্ৰাকখনৰ চালক আৰু সহ চালক ক্ৰমে বলবীৰ সিং আৰু বিজয় কুমাৰ বুলি জানিব পৰা গৈছে।ধৃত লোক দুয়োজনৰ ঘৰ পাঞ্জাবত। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে(317 kg of ganja seized in Assam’s Karimganj)।
লগতে পঢ়ক : Terrible Road Accident in Bokakhat : তীব্ৰবেগী বুলেটৰ খুন্দা ট্ৰাকত; নিহত এজন, আহত দুজন