Local, Vocal, Global

Grade III And IV Posts Announced By Assam Government : তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ১২,৬০০টা পদৰ বিজ্ঞাপন

নিউজ ডেস্ক,৩১অক্টোবৰ : ৰাজ্যৰ নিবনুৱাৰ বাবে ভাল খবৰ । নতুনকৈ প্ৰকাশ পালে চাকৰিৰ বিজ্ঞাপন । তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ ।

ৰাজ্য চৰকাৰৰ বৃহত ঘোষণা । চৰকাৰে প্ৰকাশ কৰিলে নতুনকৈ চাকৰিৰ বিজ্ঞাপন ।

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ১২,৬০০টা চাকৰি খালী হোৱাৰ কথা ঘোষণা কৰে । ৭,৬০০ পদ মুকলি ৩য় বৰ্গৰ চাকৰিৰ বাবে আৰু ৪ৰ্থ বৰ্গৰ চাকৰিৰ বাবে মুকলি হৈছে ৫০০০ বিজ্ঞাপন(12,600 Vacancies For Grade III And IV Posts Announced By Assam Government) ।

উল্লেখ্য যে , অষ্টম শ্ৰেণী উত্তীৰ্ণ হ’লেই আবেদন কৰিব পাৰিব চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে। দশম শ্ৰেণীৰ পৰা স্নাতক উত্তীৰ্ণ হ’লে আবেদন কৰিব পাৰিব তৃতীয় বৰ্গৰ চাকৰিৰ বাবে । ১০নৱেম্বৰৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া ।২৯ডিচেম্বৰ আবেদনৰ বাবে শেষ সীমা ।এইবাৰ মাচুল অবিহনে আপুনি আবেদন কৰিব পাৰিব । ইতিমধ্যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে মুকলি কৰিলে ৱেবচাইট( Grade III And IV Posts Announced By Assam Government) ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই এই কথা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰি কয় যে , ‘মোৰ পূৰ্বৰ ঘোষণা অনুসৰি আজি অসম চৰকাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ১২,৬০০টা খালী পদৰ বিজ্ঞাপন দিছে। ইয়াৰ উপৰিও আমি এই মাহত আৰক্ষী বিভাগত ৫ হাজাৰৰো অধিক খালী পদৰ বিজ্ঞাপন দিছো।

ইতিমধ্যে স্বাস্থ্য বিভাগে প্ৰায় ৩ হাজাৰ খালী পদৰ বিজ্ঞাপন দিছে, আৰু আমি শিক্ষা বিভাগত অতি সোনকালে ১০ হাজাৰৰো অধিক খালী পদৰ বিজ্ঞাপন দিয়াৰ পৰিকল্পনা কৰিছো। আমাৰ লক্ষ্য হৈছে ৰাজ্যৰ যুৱক-যুৱতীসকলৰ বাবে এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলা।’ এই নতুন সুযোগসমূহৰ উপৰিও আৰক্ষী বিভাগৰ ৫ হাজাৰ খালী পদ, আৰু স্বাস্থ্য বিভাগৰ ৩ হাজাৰ খালী পদৰ উপৰিও এই মাহত বিজ্ঞাপন দিয়া হৈছিল।

লগতে পঢ়ক :Nitin Gadkari to lay foundation stones of 26 National Highway projects : কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত ২৬টা ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পৰ উদ্বোধন