12-year-old died after being hit by BSF vehicle in Aizawl : BSF ৰ স্কৰপিঅ’ বাহনৰ খুন্দাত নিহত কিশোৰ, আইজলত উত্তপ্ত পৰিস্থিতি
নিউজ ডেস্ক,২২এপ্ৰিল : আইজলত উত্তপ্ত পৰিস্থিতি । এটি কিশোৰৰ মৃত্যু কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।
দেওবাৰে সন্ধিয়া আইজলৰ ডৰ্তলাঙত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনাৰ(12-year-old died after being hit by BSF vehicle in Aizawl) ।
জানিব পৰা মতে,দেওবাৰে আইজলৰ ডৰ্তলাঙত BSFৰ এখন দ্ৰুতবেগী স্কৰপিঅ’ বাহনৰ খুন্দাত থিতাতে নিহত হৈছিল চাইকেল আৰোহী এটি কিশোৰ। দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰিছিল স্কৰপিঅ’ বাহন খনে।
নিহত কিশোৰগৰাকী ১২ বছৰীয়া লালামপুৱা । এই ভয়ংকৰ ঘটনাৰ সমগ্ৰ দৃশ্য CCTV কেমেৰাত বন্দী হৈছিল ।
এই ঘটনাৰ পিছতেই BSFৰ চালকগৰাকীক ৰাইজৰ হাতত গতাই দিয়াৰ দাবীত নিশা উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । স্থানীয় বংকাউন আৰক্ষী থানা উত্তাল কৰে উত্তেজিত জনতাই ।
ৰাইজৰ হেঁচাত নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে BSFৰ চালকজনক(Tension erupts in Aizawl over the death of a minor after being hit by an BSF vehicle)।
লগতে পঢ়ক : Memphis shooting : ব্লক পাৰ্টিত ভয়ংকৰ গুলীচালনাৰ ঘটনা;নিহত ২জন, আহত ১৪জন