Local, Vocal, Global

12 year old boy dies after falling into River : নদীত পৰি সলিল সমাধি ছাত্ৰৰ

নিউজ ডেস্ক,৯জুলাই : নদীত পৰি সলিল সমাধি ছাত্ৰৰ ।

খাৰুপেটীয়াৰ আৰিমাৰীত শোকাৱহ ঘটনা ৷ সোমবাৰে খাৰুপেটীয়াৰ আৰিমাৰীত পানীত পৰি সলিল সমাধি ঘটে মাদ্ৰাছাত অধ্যয়নৰত এগৰাকী নাবালক ছাত্ৰৰ । মৃত ছাত্ৰজন খাৰুপেটীয়াৰ খেতাশ্বৰ গাঁৱৰ এছাক আলীৰ পুত্ৰ ফাৰুক আলী বুলি জানিব পৰা গৈছে(12 year old boy dies after falling into River) ৷

জানিব পৰা মতে, সোমবাৰে বিয়লি খাৰুপেটীয়াৰ ৪ নং আৰিমাৰী হাফিজিয়া মাদ্ৰাছাৰ তিনিজন ছাত্ৰই এখন কলৰ ভূৰেৰে নদী পাৰ হ’বলৈ চেষ্টা কৰিছিল ৷ তেনেতে ভূৰৰ পৰা হঠাৎ পিছলি নদীত পৰে এজন ছাত্ৰ আৰু নিখোজ হয় ছাত্ৰজন। নিখোজ হোৱা ছাত্ৰজন ফাৰুক আলী বুলি চিনাক্ত কৰা হৈছে৷

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ লগে লগে SDRF, আৰক্ষী প্ৰশাসনৰ লগতে স্থানীয় লোকসকলে ফাৰুকক বিচাৰি নৈত অভিযান চলায় ৷ কিন্তু নিশা হোৱাৰ বাবে ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল(12 year old boy dies after falling into River in Darrang) ৷

মঙলবাৰে পুৱাই পুনৰ অভিযানকাৰী দলে ফাৰুকক বিচাৰি নৈত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছাত্ৰজনৰ মৃতদেহ ।

পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, মৃত ছাত্ৰজনৰ বয়স ১২ বছৰ ।

লগতে পঢ়ক : Road Accident in Rupohihat : টেম্প’ আৰু ছুইফট বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;আহত ৮জনকৈ লোক